মেধাৱী অবিনাশক সহায়ৰ হাত আগবঢ়ালে যুৱ ব্যৱসায়ীয়ে

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত টীয়ক ৰজাবাৰী ঢেকীয়ানি ভৰলুৱা অঞ্চলৰ অভাৱী পৰিয়ালৰ ছাত্ৰ অবিনাশ বৰাই দৰিদ্ৰতাকো নেওচি টীয়ক কমাৰচুক জ্ঞান জ্যোতি জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত তিনিটা বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উৰ্ত্তীণ হৈ টীয়ক ৰজাবাৰী ঢেকীয়ানি ভৰলুৱা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে।
 
 
পিতৃ মৃদুল বৰাই দিন হাজিৰা কৰি পুত্ৰ অবিনাশক অতি কষ্টেৰে পঢুৱাইছিল। ছাত্ৰ গৰাকীয়ে ক্ৰমে অসমীয়াত ৬৬, ইংৰাজীত ৭৬, সাধাৰণ গণিতত ৭৬, সাধাৰণ বিজ্ঞানত ৮০,সমাজ বিজ্ঞানত ৯১ আৰু হিন্দীত ৮৩ নম্বৰেৰে তিনিখনত লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। ৰজাবাৰী ঢেকীয়ানি ভৰলুৱা অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা মেধাৱী ছাত্ৰ অবিনাশৰ এই কৃতিত্বৰ পাছত দিন হাজিৰা কৰি অন্নমুঠি যোগান ধৰা পিতৃ মৃদুল বৰাই ছাত্ৰগৰাকীক উচ্চ শিক্ষা প্ৰদানত কেনেদৰে আগবঢ়াব তাক লৈ অপাৰগতা প্ৰকাশ কৰা সময়তে লাহদৈগড়ৰ এগৰাকী যুৱ ব্যৱসায়ী অবিনাশ শইকীয়া ছাত্ৰজনৰ কাষত উপস্থিত হৈ তিনিহাজাৰ টকাৰ আৰ্থিক সহায় আগবঢ়াই মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিছে৷
খবৰ যুগুতালে লাহিঙৰ পৰা গোপাল কৃষ্ণ বাঢ়ৈয়ে..

Comments (0)
Add Comment