লোকে লোকাৰণ্য হৈ পৰিল লতাশিল খেলপথাৰ

লোকে লোকাৰণ্য হৈ পৰিল লতাশিল খেলপথাৰ।কেবৰ বিপক্ষে হাজাৰ হাজাৰ জনগণ স্বত:স্ফূতভাৱে ওলাই আহিল।শিল্পী,সাহিত্যিক,বুদ্ধিজীৱীৰ প্ৰচেষ্টাত জনসমাগম সৃষ্টি হ’ল।লতাশিল উপস্থিত হৈ আছুৰ উপদেষ্টা সমুজ্বল ভট্ৰাচাৰ্যই কয় যে আমি গান্ধীৰ অহিংসাৰ পন্থাৰে আন্দোলন কৰি যাম।লগতে তেখেতে মন্তব্য কৰে যে সমগ্ৰ উত্তৰ পূবতে ১১ ডিচেম্বৰৰ দিনটো ক’লা দিন হিচাপে পালন কৰিব।লতাশিলত শিল্পী জুবিন গাৰ্গে কয় যে শিল্পীয়ে মানুহৰ বাবে কাম কৰে,নেতা সকল মানুহৰ বাবে নহয়।উল্লেখযোগ্য যে শিল্পীগৰাকীয়ে অলপতে প্ৰত্যক্ষভাৱে অংশ নল’লেও ৰাজনৈতিক দল গঠন কৰাৰ কথা মন্তব্য কৰে।আজিৰ সমাবেশত বিশিষ্ট সাংবাদিক অজিত ভূঞা,মনজিত মহন্ত,মানস ৰবীনকে আদি কৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Comments (0)
Add Comment