শুৱালকুছিত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

আজি ৩ চেপ্টেম্বৰ। উত্তৰ পূবৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ ৮৪ সংখ্যক ওপজা দিন।ক্ৰীড়াবিদ গৰাকীৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে উদযাপিত হয়।
 
 
ইয়াৰ লগত সংগতি ৰাখি স্প’ৰ্টচ একাডেমী অৱ শুৱালকুছিৰ উদ্যোগত ৩৭ তম অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। শুৱালকুছিৰ ৰাজপথত পুৱাতেই সমূহীয়া দৌৰৰ কাৰ্যসূচী অনুষ্ঠিত হয়। সমূহীয়া দৌৰৰ ফ্লেগ কৰে শুৱালকুছিৰে প্ৰাক্তন খেলুৱৈ তথা শিক্ষক অনিল বৈশ্যই। সমূহীয়া দৌৰৰ কাৰ্যসূচীত যোগদান কৰে টিক্স শুৱালকুছি,সাঁতোৰ প্ৰশিক্ষক প্ৰহ্লাদ দাস,শুৱালকুছি এ বি ভি পিৰ কৰ্মকৰ্তাৰ লগতে সদৌ অসম শাৰিৰীক শিক্ষা আৰু ক্ৰীড়া শিক্ষিত সংস্থাৰ কেইবাগৰাকী বিষয় ববীয়াই।
 
সমূহীয়া দৌৰৰ পিছতেই একাডেমীৰ ছাত্ৰ,ছাত্ৰী সকলৰ মাজত দৌৰ,লং জাম্প আৰু চটপুত খেল অনুষ্ঠিত হয়। আনহাতে দিৱসটিৰ লগত সংগতি ৰাখি শুৱালকুছি একাডেমী আৰু বংশৰৰ জুনিয়ৰ ফুটবল দলৰ সৈতে এখন অতি চমু প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয়। ফুটবল খেলখন উদ্বোধন কৰে ৰাষ্ট্ৰীয় ফুটবল ৰেফাৰী তথা সাংবাদিক প্ৰভাত কলিতাই। ক’ভিড প্ৰ’টকলৰ মাজেৰে বঁটা বিতৰণৰ কাৰ্যসূচীৰ অনুষ্ঠান সামৰণি পৰে।

Comments (0)
Add Comment