সপ্তম শ্ৰেণীৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট হ’ল প্ৰিন্সি গগৈৰ পৰিচয়! কোন এই প্ৰিন্সি গগৈ

চেষ্টাৰ অসাধ্য একো নাই।মনত সাহস আৰু উদ্যম থাকিলে অসম্ভৱ যেন লগা সকলো সম্ভৱ হৈ উঠে।আপ্ত বাক্যশাৰীক আখৰে আখৰে প্ৰমান কৰি দেখুৱালে শিৱসাগৰ সোণাৰিৰ প্ৰিন্সি গগৈ নামৰ যুৱতী গৰাকীয়ে ।শাৰিৰীক অক্ষমতাৰ বাধাক নেওচি এই বিশেষভাৱে সক্ষম যুৱতী গৰাকীয়ে স্বাৱলম্বী হৈ জীৱন যাপন কৰিবলৈ সক্ষম হৈছে।সেয়েহে সপ্তম শ্ৰেণীৰ পাঠ্যক্ৰমত প্ৰিন্সি গগৈৰ পৰিচয়  লিপিবদ্ধ হৈছে। এই সফলতাৰ বাবে অলপতে সোণাৰিস্থিত এখন বিদ্যালয়ে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰে।উল্লেখযোগ্য যে প্ৰিন্সি গগৈক লৈ এখন তথ্য চিত্ৰ নিৰ্মাণ কৰিছে।অচিৰেই তথ্য চিত্ৰখন দৰ্শকৰ মাজলৈ আগবঢ়াব।এই মন্তব্য প্ৰিন্সি গগৈৰ।আশা আৰু উদ্যমেৰে জীৱন জিনা এই গৰাকী সংগ্ৰামী যুৱতীক সফলতাৰ বাবে এন ই ফ’কাচ ডট কমৰ ফালৰ পৰা জনালো অলেখ অভিনন্দন ।                                                                      সংগীতা শইকীয়া।

Comments (0)
Add Comment