সময় আৰু কষ্টৰ ৰাহিৰ অন্যতম নাম- ইভেণ্টজুগাদ দট্ কম

আপোনাৰ ঘৰ, শিক্ষানুষ্ঠান কিম্বা অফিচতেই হওক কিবা এটা অনুষ্ঠান পাতিলে, প্ৰয়োজনীয় সা-সামগ্ৰী অথবা সা-সৰঞ্জাম বিচাৰি বিভাগীয় দায়িত্বত থকা জনৰ মুৰৰ ঘাম বাহিৰ হোৱা নিশ্চয় দেখিছে! মাইক কিম্বা চাউণ্ড চিষ্টেমৰ পৰা আৰম্ভ কৰি ডেকোৰেচনলৈকে সকলোতে অনুস্থানৰ, সময় চপাৰ লগে লগে কিবা এটা কমি থাকি যায় বুলি হুৱাদুৱা কৰা দৃশ্য নতুন নহয়। বিশেষকৈ অনুস্থানটোৰ মেনেজমেণ্টৰ দায়িত্ব থকাজনৰ বেছি কষ্ট হয়!এনেবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি কেইজনমান উদ্যমী যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে অনলাইন ৱেব প্ৰটেল eventzugaad.com য়ে। উল্লেখযোগ্য যে ইয়াৰ জৰিয়তে অসমৰ বিভিন্ন ঠাইত যিকোনো অনুস্থান অনুস্থিত হ’লে প্ৰয়োজন অনুসৰি সা-সামগ্ৰী যোগান ধৰা হয়।
 
 
সম্প্ৰতি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ ডেভিড প্ৰতিম গগৈয়ে আৰু তেঁওৰ সহপাঠী ৰূপম চৌধুৰী, মৌচুম তালুকদাৰ, নাছিৰ আহমেদ, ইশ্বাকুল আহমেদৰ সহযোগত এই গুৰুত্বপূৰ্ণ কামতো আৰম্ভ কৰিছিল। এই চিন্তাধাৰা কিদৰে মনলৈ আহিল জানিব বিচাৰাত ৱেব প্ৰটেলটোৰ মুখ্য কায্যকৰী বিষয়া ডেভিড প্ৰতিম গগৈয়ে এনেদৰে কয়-এবাৰ আমাৰ কলেজত অনুস্থান এটা আয়োজন কৰিছিলো। আয়োজন কৰোতে মাইক, ফুলৰ সজ্জা, বেনাৰ, পোষ্টাৰ, আচ-বাব, গামোচালৈকে ঠায়ে ঠায়ে বিচাৰিব লগা হোৱাত হাৰাশাস্তিৰ সন্মুখীন হৈছিলো। এদিন মোৰ বন্ধু ৰূপম চৌধুৰীৰ লগত কথাপাতি থাকোতে এনে কামৰ প্ৰসংগতো আহিল আৰু তাৰ পিছতেই অথাৎ ২০১৫ চনৰ নবেম্বৰৰ পৰা আৰম্ভ কৰো। ইতিমধ্যে আমি অসমৰ বিভিন্ন কলেজত অনুস্থানৰ বাবে লাগতিয়াল সা-সামগ্ৰী যোগান ধৰো।
উল্লেখযোগ্য যে বজাৰতকৈ বহুত কম দামত ৱেব প্ৰটেল টোৰ পৰা সা-সামগ্ৰী যোগান ধৰা হয়। ইচ্ছুক সকলে ঘৰতে বহি অনলাইন যোগে অৰ্ডাৰ কৰিব পাৰিব।
 
 

নৱপ্ৰজন্ম কেইজনৰ এনে গুৰুত্বপূৰ্ণ কামে সমাজত আশাৰ ৰেঙনি কঢ়িয়াইছে। এনে কিছুমান ভাল কামে সমাজক প্ৰগতিৰ দিশে ধাবমান কৰায়। আহক সকলোৱে মিলি ডেভিড প্ৰতিম গগৈ আৰু তেও সতীৰ্থক ধন্যবাদ জনাও।
প্ৰিয় পাঠক, আপুনি যদি এনে কাহিনী জানে, আমালৈ লিখিব পাৰে। আমাৰ ই-মেল _nefocus5@gmail.com.সমাজৰ ভাল খবৰ প্ৰকাশৰ বাবে Ne Focus সদায় দায়বদ্ধ ।

Comments (0)
Add Comment