সুধাকণ্ঠলৈ একাজলি শ্ৰদ্ধাঞ্জলিৰে..

সুধাকণ্ঠ,যাৰ কণ্ঠত প্ৰাণ পাই উঠিছিল হাজাৰ জনৰ প্ৰাণ,যাৰ সুৰেৰে গঢ়িছিল সমন্বয়ৰ সাকো।এই গৰাকী সুধাকণ্ঠৰ আজি মৃত্যু দিৱস।২০১১ চনৰ ৫ নৱেম্বৰত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই পৃথিৱীৰ পৰা বিদায় মাগিছিল।
বিভিন্ন কালজয়ী গীত ৰচনা কৰি অসমৰ সমাজ সংস্কৃতিৰ জীৱনলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে।বিশেষকৈ অসমীয়া সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেখেতৰ অৱদান অতুলনীয়।কেৱল অসমতেই নহয়,অসমৰ লগতে পশ্চিমবংগ ,তথা ভাৰতৰ অন্যান্য প্ৰান্তত সমানে জনপ্ৰিয় আছিল।সেয়ে আজি মৃত্যু দিৱসটো অসম মুম্বাই, কলিকতাৰ অনুৰাগীয়ে স্মৰণ কৰিছে। সুধাকণ্ঠ গৰাকীৰ এই মৃত্যু দিৱসত এন ই ফ’কাচ তৰফৰ পৰা শ্ৰদ্ধাজ্ঞলি জনালোঁ।

Comments (0)
Add Comment