সৃষ্টিশীলতাৰে উজলি উঠা এজন যুৱকৰ কথাৰে

সৃষ্টিশীলতাৰে উজলি উঠা এজন যুৱকৰ কথাৰে

এটা সুন্দৰ মনতেহে সৃষ্টিশীলতা থাকে। কিন্তু সৃষ্টিশীল মনৰ কোনো সীমা বা পাৰাপাৰ নাই । আজি এটা যদি সৃষ্টি হয়, কালিলৈ হয়তো ১০ টা, পৰহিলৈ হয়তো অধিক হ’ব পাৰে । বাঁহ, বেতৰ লগত অসমীয়া জনজীৱনৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। সকলোতকৈ ডাঙৰ কথা বাঁহেৰে নিৰ্মিত সকলো ধৰণৰ সামগ্ৰী সমূহ দেখিবলৈ খুবেই মোহ লগা ধৰণৰ । তেনে কিছুমান সা- সামগ্ৰী প্ৰস্তুতেৰে সৃষ্টিশীলতাৰ পৰিচয় দিয়া এজন ব্যক্তিৰ বিষয়ে আজি জনাব বিচাৰিছো। আহকচোন তেখেতৰ লগত পৰিচয় হও।

IMG-20161213-WA0014

পবিত্ৰ ফুকন । মাজুলীৰ বিহিমপুৰৰ বাসিন্দা । ফুকনে বাঁহ আৰু বেতৰে নিৰ্মাণ কৰি উলিয়াইছে, চাইকেল, ফেন, আলমাৰী, গছা, শৰাই , থাপনাৰ দৰে বহুতো সা-সামগ্ৰী। এই সম্পৰ্কে জানিব বিচাৰাত ফুকনে এনেদৰে কয়… মই ২০১০ চনৰ পৰা বিভিন্ন বাঁহৰ সা-সামগ্ৰী প্ৰস্তুত কৰা কামত নিয়োজিত হৈ আহিছো। আচলতে মোৰ এটা সংকল্প আছিল এনে কাম কৰাৰ। বৌটিৰ সপোনক সজাবলৈ গৈয়ে মই এনে শিল্প কৰ্মৰ প্ৰতি জড়িত হৈ পৰো। স্মতৰ্ব্য যে পবিত্ৰ ফুকনে ইতিপূৰ্বে বিভিন্ন বাঁহ বেতৰ সামগ্ৰী প্ৰস্তুত কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰিছে।

IMG-20161213-WA0012

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে পবিত্ৰ ফুকনে যোগ চৰ্চাৰ লগতো জড়িত হৈ  আছে। বিভিন্ন সময়ত শিক্ষানুষ্ঠান সমূহত গৈ যোগৰ চৰ্চাৰ যোগেদি সমাজত সেৱা আগবঢ়াই আহিছে। ফুকনে তৈয়াৰ কৰা বাঁহৰ চাইকেলে যথেষ্ট সমাদৰ লাভ কৰিছে। ইতিমধ্যে ৫০০০ টকাৰ মূল্যত বাঁহৰ চাইকেল বিক্ৰী হৈছে। বহু দেশ-বিদেশী পৰ্যটকে ফুকনৰ এনে শিল্পকৰ্মৰ প্ৰতি আগ্ৰহী হোৱাৰ বাবে উৎসাহী কৰি তুলিছে । ব্যক্তি অথবা প্ৰতিষ্ঠানৰ  পৰা সঁহাৰি পালে ব্যবসায়টো আৰু সম্প্ৰসাৰণ কৰাৰ কথা মতপোষণ কৰিছে।

IMG-20161213-WA0013

কুটিৰ শিল্পৰ জৰিয়তে সমাজত ন প্ৰজন্মক ন দিশৰ উন্মেষ ঘটাবলৈ সক্ষম হোৱা পবিত্ৰ ফুকন বহু দুৰ আগুৱাই যাওক। আমাৰ শুভকামনা থাকিল।

Comments (0)
Add Comment