স্বাৱলম্বীতাৰ অন্য এক পথ- থাইলেণ্ড বগৰী

গণতন্ত্ৰ দিৱসৰ দিনা হঠাৎ ফোনতো বাজি উঠিল। খবৰ পালো, এজন ব্যক্তিয়ে ব্যতিক্ৰম ধৰণৰ কৃষি পদ্ধতিয়ে অঞ্চললৈ কঢ়িয়াই আনিছে এক কৃষি বিপ্লৱৰ। কেৱল এয়াই নহয় তেওঁৰ কৰ্ম আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ কাম কৰি ৭ টা পৰিয়ালে লাভ কৰিছে স্বাৱলম্বীতাৰ অন্য এক পথ। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে এই খবৰ খিনি আমাক জনাইছিল বঙাইগাওঁ জিলাৰ মানিকপুৰৰ সাংবাদিক আব্দুল কায়ুমে।

প্ৰতিদিনে আমি ইতিবাচক, গঠনাত্মক খবৰৰ সন্ধানত থাকো। গতিকে এনে এটা ভাল খবৰ পাই পলম নকৰি, আমি উপস্থিত হৈছিলো বঙাইগাওঁ জিলাৰ মানিকপুৰৰ গোসাইগাৱত। সেই সময়ত আমাক সহযোগিতা আগবঢ়াইছিল স্থানীয় দুজন সাংবাদিকে।

দেখাত কেচাঁ সৰু আপেল যেন লগা এবিধ বগৰী। আপুনি যেতিয়ালৈকে নিজে Taste নকৰে হয়টো অনুভৱ কৰিব নোৱাৰিব, বগৰী বিধৰ সোৱাদ। বিশ্বাস কৰিব ! বগৰী বিধত আছে আপেল, নাচপতি আৰু কেঁচা অমিতাৰ সোৱাদ। সেয়েহে আজিৰ দিনত এইবিধ বগৰী হয়তো আমাৰ অপৰিচিত। কাৰণ এনে প্ৰকাৰৰ বগৰীৰ খেতি হয় থাইলেণ্ড আৰু বাংলাদেশত। প্ৰিয় পাঠক, এনে ধৰণৰ বগৰীৰ খেতি কৰি আৰ্থিক দিশত স্বাৱলম্বী হৈছে বহুকেইজন কৃষক। যি সময়ত কৃষিৰ প্ৰতি আমি অনীহা প্ৰদৰ্শন কৰো, বৰ বিশেষ যত্ন নোলোৱাকৈ এনেধৰণৰ বগৰীৰ খেতিয়ে হয়তো আপোনাক আশাৰে হেপাহেৰে জীৱন নিৰ্বাহ কৰিবলৈ উৎসাহ যোগাৱ।

আমাৰ অসমত এই ধৰণৰ বগৰী খেতি কৰা গুৰিৰ মূল মানুহজন হ’ল মানিকপুৰ ১ নং ভাণ্ডাৰাগাৱৰ আব্দুল কৰিম। পেছাত এজন কৃষক। তেখেতৰ বাগিছা দেখা পাইছিলো তিনিপ্ৰকাৰৰ বগৰী। এনেধৰণৰ বগৰীৰ ক’ৰ পৰা আনিল, কিদৰে এনে খেতিৰ প্ৰতি আকৰ্ষিত হ’ল জানিব বিচৰাত আব্দুল কৰিমে আমাক এনেদৰে জনায়- এইবিধ থাইলেণ্ড বগৰী, থাইলেণ্ডত এনে বগৰী পোৱা যায়। আজিৰ পৰা ৩ বছৰৰ আগৰ কথা। দুজন বন্ধুৱে বাংলাদেশলৈ গৈছিল আৰু তাত এনেধৰণৰ বগৰী খাই ভালপোৱা বুলি জনোৱাৰ লগতে এনে খেতিৰ বিষয়ে আমাৰ অসমত চাহিদা আৰু গুণাগুণৰ সম্পৰ্কে বুজাই দিয়াত আগ্ৰহী হৈ পৰো আৰু তাৰ পিছতে যোগাযোগ কৰি কলম কৰা ডাল আনি ৰোৱাত এনে ধৰণৰ বগৰী উৎপাদিত হয়। মোৰ বাগিছাত বাওকুল, তাহেন কুল আৰু আপেল কুল প্ৰজাতিৰ বগৰীৰ পোৱা যায়। প্ৰতিটো প্ৰজাতিৰ বগৰীৰ সোৱাদ আকাৰৰ মাজত যথেষ্ট পাৰ্থক্য আছে। চ’ত মাহত এনে প্ৰজাতিৰ বগৰী ৰোপন কৰাৰ উত্তম সময়। ২২ দিনৰ পিছত সাৰ দি পোক পৰুৱা নিয়ন্ত্ৰণৰ বাবে স্পে” কৰিছিলো। আৰু সপ্তাহত এদিনকৈ এনে প্ৰজাতিৰ  বগৰী গছত পানী দিয়া হয়।

উল্লেখযোগ্য যে সাধাৰণ বগৰীতকৈ এনে প্ৰজাতিৰ বগৰী চাপৰ  আৰু কাইঁটবিহীন গছ হয়। আব্দুল কৰিমৰ এনে বগৰী খেতিৰ দ্বাৰা দিনে ১০,০০০ টকাকৈ উপাৰ্জন হয় বুলি জানিবলৈ দিয়ে। কৰিমৰ ব্যৱসায় তথা কৰ্মৰ প্ৰতি আকৰ্ষিত হৈ সেই অঞ্চলৰ ৭ টা পৰিয়ালে (হাইব্ৰিড প্ৰজাতি এনে) খেতিয়ে ব্যৱসায়ৰ যোগেদি সফলতাৰ মুখ দেখিছে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে সেই অঞ্চলত দিনে দিনে এনে বগৰীৰ চাহিদাও বৃদ্ধি পাইছে।

প্ৰিয় পাঠক, আপোনাৰ অঞ্চলত যদি এনে কোনো ভাল খবৰ আছে, আমাক জনাবলৈ নাপাহৰিব। আমাৰ ই মেইল- nefocus5@gmail.com বিভিন্ন ধৰণৰ ইতিবাচক খবৰৰ বাবে চাই থাকিব www.nefocus.com

Comments (6)
Add Comment
  • জয়ন্ত গোস্বামী

    সুন্দৰ বতৰা।

    • Dipak Tamuly

      Good information

  • পুনম জ্যোতি বৰা

    প্ৰেৰণাদায়ক তথ্য।

  • পূৰ্বালি

    অসমৰ প্ৰতিজন ল’ৰা ছোৱালীঅনুপ্ৰাণিত হওঁক আৰু এনেদৰে আগুৱাই যাওঁক স্বাৱলম্বী হৈ!

  • nitish

    bhal lagil

  • srimanta das

    অতি সুন্দৰ বাতৰি