স্বাৱলম্বীতাৰ নিদৰ্শন দেখুৱাইছে তপনে

স্বনিৰ্ভৰশীল হ’বলৈ বিদেশলৈ যোৱাৰ প্ৰয়োজন নাই। প্ৰয়োজন মাথো এটা সবল স্থিতি, মনৰ উদ্যম। ইয়াকে প্ৰমাণ কৰি দেখুৱাইছে নাওকাটাৰ ২ নং বেটাগাঁওৰ তপন দাস নামৰ যুৱক জনে। কৰ্মোদ্দমী শিক্ষিত যুৱকজনে চাকৰিৰ বাবে অপেক্ষা নকৰি, কৰি গৈছে হাতে পোৱা কাম.. যাৰ বাবে তেওঁ আজি কেৱল চৰ্চাৰ বিষয়েই নহয়, হাজাৰ জনৰ অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে।

কথাতে কয় মন কৰিলে চন হয়। কামৰ কোনো সৰু বৰ নাই। দুগ্ধজাত সামগ্ৰীয়ে ব্যৱসায় আৰম্ভ কৰা যুৱকজনে ৪ খন গাওঁত চাইকেল চলাই ঘৰে ঘৰে, হোটেলে হোটেলে চানা, পনীৰ আদি যোগান ধৰি আহিছে। ইয়াৰ উপৰিও বতৰৰ বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতিৰ জৰিতে ব্যৱসায় কৰি আৰ্থিক ভাৱে টনকিয়াল হৈ পৰিছে। লগতে হাজাৰজন নিবনুৱা যুৱকৰ প্ৰেৰণাৰ উৎস হৈ পৰিছে। যুৱকজনৰ এনে প্ৰচেষ্টাৰ বাবে nefocus.com ফালৰ পৰা শুভকামনা জনাইছোঁ।

ৰবীন্দ্ৰ কুমাৰ ডেকা

নাওকাটাৰ

Comments (0)
Add Comment