হেম প্ৰভা চুতীয়া- অসমৰ হস্ততাঁত শিল্পৰ এক গৌৰৱ

হস্ততাঁত শিল্পত অসমীয়া মহিলা কোনো গুণে পিছপৰা নহয়। এই কথা আজিৰ দিনৰ নহয়, গান্ধী যেতিয়া অসমলৈ আহিছিল অসমীয়া মহিলাৰ হস্ততাঁতৰ কাৰুকাৰ্য্য দেখি খুবেই আনন্দিত হৈছিল ।
বছৰৰ পিছত বছৰ পাৰ হৈছিল । অসমীয়া হস্ততাঁত শিল্পত ধৰ্মীয় পুথি লিপিবদ্ধ কৰিব পৰাকে কাৰোৱেই সাধ্য হোৱা নাছিল। কিন্তু এই অসাধ্য সাধন কৰি দেখুৱালে মৰাণ অভয়পুৰিয়া ফটিকাচোৱাৰ হেমপ্ৰভা চুতীয়াই । উল্লেখযোগ্য যে হেমপ্ৰভা চুতীয়াই গুৰুজনাই ৰচনা কৰা নামঘোষা আৰু গুণমালা পুঁথি হাতেৰে লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে।
 
এই সম্পৰ্কে হেমপ্ৰভা চুতীয়াৰ পৰা জানিব বিচৰাত NE Focusক এনেদৰে জনায়- সৰুৰে পৰা মোৰ মনত কিবা এটা অসাধ্য সাধন কৰা প্ৰৱল ইচ্ছা আছিল । কিন্তু কি কৰিম মানে কি অসাধ্য সাধন কৰিম তাৰ কোনো লক্ষ্য নাছিল। এইখিনিতে জনাও যে মই প্ৰায় ১১ বছৰ বয়সৰ পৰা তাঁত বৈছো, কাপোৰ বনাইছো। ২০১৩ চনৰ কথা। এদিন ৰাতি ভাত খাই শুবলৈ ল’ওতে কোনোবাই মোক গুণমালা পুথিখন তাঁতত লিপিবদ্ধ কৰিবলৈ আদেশ দিয়া দেখিলো। দেখিলো নে শুনিলো সেইটো এতিয়াও অস্পষ্ট। কাৰণ সেইয়া সপোন নে মোৰ মনৰ জোৰত এই ভাব আহিল, আজিও মই অজ্ঞ। সেইদৰে এমাহমান কথাটো কাৰো আগত প্ৰকাশ নকৰাকে মনতে ৰাখিছিলো, কি কৰো কি নকৰো লাগিছিল ! অৱশেষত মোৰ চিন্তা বিষয়ে মোৰ দুই পুত্ৰক জনাও তেঁওলোক মোক কথাত সহযোগিতা আগবঢাই কয় যে তুমি আগবাঢ়া আমি পাৰ্যমানে সহায় কৰিম। সেইদৰে বহু নীতি নিয়মৰে গুৰুজনাক গোঁসাই ঘৰত এভাগ সেৱা আগবঢায় উপবাসেৰে থাকি ২০১৩ চনৰ ২২ জুলাইত গুণমালা পুথিখন আৰম্ভ কৰো। উল্লেখযোগ্য যে হেমপ্ৰভা চুতীয়াই ১৭ ইঞ্চি প্ৰস্থ আৰু ৮০ ফুট দৈৰ্ঘ্যৰ গুণমালা পুথিখন বৈ উলিয়ালে। তচমুগা, ঘৰুৱা পোহা মুগা, কলা গুলিৰে গুণমালা লিপিবদ্ধ কৰিলে । ইয়াৰ ঠিক পিছতে ২ ফুট প্ৰস্থ আৰু ২০০ ফুট মান দৈৰ্ঘ্যৰ নাম ঘোষাৰ পুথিখন লিপিবদ্ধ কৰিবলৈ সক্ষম হ’ল। গুণমালা পুথিখন আখৰ হিচাপে তাঁতত লিপিবদ্ধ কৰোতে প্ৰথম অৱস্থাত চুতীয়াৰ অলপ অসুবিধাৰ সন্মুখীন হৈছিল যদিও পিছত পৰ্য্যায়ত স্বধাৰণা অনুসৰি নামঘোষা খন লিখি উলিয়ালে । স্মতৰ্ব্য যে হেম প্ৰভা চুতীয়াই অসম সাহিত্য সভাৰ কলিয়াবৰৰ মঞ্চখনে সমাজত আগত পৰিচিত কৰাৰ ক্ষেত্ৰত পথপ্ৰৰ্দশক বুলি সোঁৱৰে।

উল্লেখ্য যে চুতীয়াই প্ৰথম অসম সাহিত্য সভাৰ সেই বিশেষ সভাখনত গুণমালা পুথিখন প্ৰৰ্দশন কৰিছিল। ইয়াৰ ঠিক পিছতে বিভিন্ন দল সংগঠনৰ লগতে America Friends of Assam Seven Sister ৰে বঁটা প্ৰদান কৰে | শেহতীয়াকৈ ২০১৬ বৰ্ষৰ ১৫ আগষ্টত ৰাজ্যিক বটাৰ নিমন্ত্ৰিত হোৱাৰ কথা জানিবলৈ দিয়ে। তেখেতে বৈ উলিওৱা গুণমালা আৰু নাম ঘোষাৰ পুথি সমূহ সংৰক্ষণৰ বাবে ঘৰতে সংগ্ৰহালয় স্থাপনৰ বাবে বিভিন্ন আবেদন জনোৱাৰ কথা জানিবলৈ দিয়ে । ভবিষ্যতে হিন্দু ধৰ্মীয় গ্ৰন্থ গীতা ইংৰাজীত লিপিবদ্ধ কৰাৰ পোষকতা কৰে । জাতিৰ তথা অসমৰ গৌৰৱ হেম প্ৰভা চুতীয়াই ন ন কামেৰে অসমৰ গৌৰৱ ধজ্জা অটুট ৰাখক। যাতে জাতিয়ে চিৰ দিন চিৰ কাল সোৱঁৰে।

Comments (3)
Add Comment
  • Sri Labonu Rajkonwar,Namrup

    Guru dujonai aji nichoy bohut hukhi hoise.Baideour ai kormoi ashomiya mohilak,jatik ujjolai tulise.Pranam Baideo….

  • অঞ্জনা গগৈ

    আপোনাৰ এই মহত কামে আমাৰ দেশক জগতৰ লগত চিনাকি কৰি দিলে । কামৰ কাৰণে মোৰ ফালৰ পৰা অন্তৰিক শুভেচ্ছা যাচিলো ।

  • sangeeta sharmah

    সচাকৈ গৌৰৱ বোধ কৰিছো মৰাণ বাসি হিচাপে আপোনাৰ এই প্ৰ্চেসটাৰ বাবে।