২০২০ বৰ্ষৰ ডক্টৰ বাণীকান্ত কাকতি বঁটা প্ৰদান অনুষ্ঠানৰ মেধাৱী ছাত্ৰীলৈ দুচকীয়া বাহন স্কুটী প্ৰদান কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে

একবিংশ শতিকাৰ তীব্ৰ প্ৰতিযোগিতামূলক এই বিশ্বত আজি উপযুক্ত মূল্য সংযোজন নহ’লে কোনো সামগ্ৰীয়ে বজাৰত স্থায়িত্ব লাভ কৰিব নোৱাৰে। সভ্যতা-সংস্কৃতিৰ লগতে মানুহৰ ৰুচিবোধলৈও ব্যাপক পৰিবৰ্তন নামি অহা এই যুগত উপযুক্ত শিক্ষা আহৰণ আৰু উদ্ভাৱনী শক্তিৰ উৎকৰ্ষ সাধনেৰে নিজৰ ব্যক্তিত্বতো মূল্য সংযোজন ঘটাব পাৰিলেহে আমি সফলতাৰ শিখৰলৈ আগবাঢ়ি যাবলৈ সক্ষম হ’ম।অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ উদ্যোগত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আজি কামৰূপ জিলাৰ আমিন গাঁৱৰ নুমলী জলাহ পেৰেড গ্ৰাউণ্ডত আয়োজিত ২০২০ বৰ্ষৰ ড° বাণীকান্ত কাকতি বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এইদৰে কয়।
এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ৫ গৰাকী ছাত্ৰীৰ হাতত দুচকীয়া বাহনৰ প্ৰতীকী ছাবি প্ৰদান কৰি আনুষ্ঠানিক ভাৱে এই বঁটা প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।উল্লেখযোগ্য যে আজিৰ অনুষ্ঠানৰ জৰিয়তে ২০২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ন কামৰূপ আৰু কামৰূপ জিলাৰ ছাত্ৰী সকলক আনুষ্ঠানিক ভাৱে স্কুটী প্ৰদান কৰা পিছত পৰবৰ্তী পৰ্যায়ত অহা ২ আৰু তিনি জানুৱাৰীত ৰাজ্য খনৰ অন্যান্য জিলাৰ ছাত্ৰী সকলক এই বঁটা প্ৰদান কৰা হ’ব।এই আঁচনিৰ জৰিয়তে চলিত বৰ্ষত ২২,০৩৪ গৰাকী ছাত্ৰীলৈ পে’ট্ৰলচালিত স্কুটাৰ আৰু ২১১ গৰাকী ছাত্ৰীলৈ বিদ্যুৎচালিত স্কুটাৰ প্ৰদান কৰিবলৈ লোৱা হৈছে।ইয়াৰ বাবদ চৰকাৰ সৰ্বমুঠ ১৪৪,৩০ কোটি টকা ব্যয় হ’ব।
ড° বাণীকান্ত কাকতি মেধা বঁটাৰ বাবে নিৰ্বাচিত ৰাজ্য খনৰ প্ৰতিগৰাকী মেধাবী ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱক সকললৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ছাত্ৰী সকলৰ মেধাৰ স্বীকৃতি স্বৰূপে ৰাজ্য চৰকাৰে প্ৰদান কৰা এই ৰঙা ৰঙৰ স্কুটী সমূহে অসমৰ গাঁৱে ভূঞে তেওঁলোকৰ সফলতাৰ বতৰা কঢ়িয়াই লৈ যাব।ৰাজ্য বহু ছাত্ৰী জীৱনলৈ এই আঁচনিয়ে পৰিবৰ্তন আনিব। তেওঁলোকৰ মনত নতুন আত্মবিশ্বাস জন্ম দিব।বৰ্তমান তলৰ শ্ৰেণীত পঢ়ি থকা ছাত্ৰী সকলকো এই আঁচনিয়ে উদ্বুদ্ধ কৰিব আৰু অধ্যয়নত গভীৰভাৱে মনোনিবেশ কৰাৰ বাবে প্ৰেৰণ যোগাব।
নাৰীৰ মান স্বাভিমান আৰু মৰ্যাদা ৰক্ষাৰ দিশত বৰ্তমান চৰকাৰে কোনোপধ্যেই আপোচ কৰা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বিগত দিন সমূহত নাৰীৰ আত্মসন্মান হাত দিয়া প্ৰতিগৰাকী দুষ্কৃতিকাৰীকে তৎকালে কৰায়ত্ত কৰি ফাষ্ট ট্ৰেক বিচাৰ প্ৰক্ৰিয়াৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু ইয়াৰ সুফল স্বৰূপেই আজি ৰাজ্যৰ নাৰী সমাজেও নিৰ্ভয়ে নিজৰ কৰ্মক্ষেত্ৰত আত্মবিশ্বাসৰে নামি পৰিবলৈ সক্ষম হৈছে।
আজি অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোক গৌৰৱ,আনন্দ আৰু প্ৰাপ্তিৰ দিন হিচাপে অভিহিত কৰে।ছাত্ৰীৰ পৰাই আই মাতৃলৈ অসমৰ নাৰী শক্তি মৰ্যাদাসহকাৰে আগুৱাই নিয়া বাবে ৰাজ্য চৰকাৰে বিগত দিন সমূহত হাতত লোৱা পদক্ষেপ সমূহ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমে সৰ্বদিশতে আগুৱাই গৈছে। আমাৰ আকাশ চুবৰ মন আছে আৰু এদিন আমি আকাশ চুমেই। তেওঁ দৃঢ়তাৰে কয়।তেওঁ কয় যে ২০১৮-১৯ আৰু ২০১৯-২৯ বৰ্ষৰ ছাত্ৰী সকলে এই বঁটা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। কিন্তু অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই দুয়ো বৰ্ষৰ ছাত্ৰীকো স্কুটী প্ৰদান কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ঘোষণা কৰে।চলিত বৰ্ষৰ ২২ হাজাৰো অধিক ছাত্ৰীলৈ স্কুটী প্ৰদান কৰিব বুলি সদৰি কৰে।
আজি অনুষ্ঠানত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতা,অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যান চক্ৰৱৰ্তী,সাংসদ কুইন ওজা,বিধায়ক ক্ৰমে অতুল বৰা প্ৰণৱ কলিতা,সুমন হৰিপ্ৰিয়া আৰু ৰেকিবুদ্দিন আহমেদ।শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া,উচ্চ শিক্ষা বিভাগৰ সঞ্চালক গীতিমনি ফুকন,কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক,হিৰো ম’ট কৰ্পৰ নেশ্বনেল ছেলছ হেড আশুতোষ বাৰ্মাকে ধৰি শিক্ষা বিভাগৰ,প্ৰশাসন বিভাগৰ উচ্চ পদস্থ বিষয়া সকল ,বঁটা প্ৰাপক ছাত্ৰীসকল আৰু অভিভাৱক সকল উপস্থিত থাকে।

Comments (0)
Add Comment