ৰাষ্ট্ৰীয় কন্যা দিৱসতে এদিনৰ বাবে মুখ্যমন্ত্ৰী হ’ল সৃষ্টি

আজি ৰাষ্ট্ৰীয় কন্যা দিৱস।প্ৰতিবছৰে ২৪ জানুৱাৰী দিনটোত এই দিৱস উদযাপিত হৈ আহিছে।কন্যাৰ সমতা,অধিকাৰ,স্বাস্থ্যৰ বিষয়ে সজাগতা সৃষ্টি কৰা আৰু লিংগ বৈষম্যমতা দূৰ কৰা উদ্দেশ্য আগত ৰাখি এই দিৱস উদযাপন হৈ আহিছে।
ৰাষ্ট্ৰীয় কন্যা দিৱস মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ উদ্যোগত ২০০৮ চনৰ পৰাই পালন কৰা হৈছে। বহু সময়ত কন্যা সন্তানকলৈ আমাৰ সমাজত মতভেদ আহে।সেয়ে ভাৰত চৰকাৰৰ মহিলা তথা কন্যা শিতৰ সুৰক্ষা অধিকাৰ সুনিশ্চিত কৰিবলৈ এনে পদক্ষেপ গ্ৰহণ কৰি আহিছে।
এই দিৱসৰ লগত সংগতি ৰাখি হৰিদ্বাৰৰ সৃষ্টি গোস্বামীয়ে এদিনৰ বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হ’বলৈ সুযোগ লাভ কৰিছে। সৃষ্টি গোস্বামীয়ে আজি দিনটোত আয়ুচমান আঁচনি ,স্মাৰ্ট চিটি প্ৰজেক্টকে আদি কৰি পৰ্যটনৰ আঁচনি সম্পৰ্কে কার্যব্যৱস্থা গ্ৰহণ কৰিব।উল্লেখযোগ্য যে সম্প্ৰতি সৃষ্টিয়ে এগ্ৰি বি এচ চি ৰ সপ্তম চেমিষ্টাৰত অধ্যয়ন কৰি আছে।

Comments (0)
Add Comment