এজন সংগীত প্ৰেমীৰ কথাৰে

তিনিচুকীয়াৰ টিলিঙা মন্দিৰ,

ঠাইৰ নাম হ’ল বৰডুবি

বিচাৰি পাবা, মনৰ মানুহ

জ্বলালে চাকি গছি।

এসময়ত এই গানে জনপ্ৰিয়তাৰ শিখৰত আৰোহন কৰিছিল। ইয়াৰ উপৰিও জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা “ব্ৰক্ষ্মপুত্ৰৰ ওপৰত দেহা ঐ দলং হ’ব কিজানি” এই জনপ্ৰিয় বিহুকেইটাৰ আঁৰৰ ব্যক্তি জন কোন জানেনে? এই বিহুকেইটাৰ ৰচক হ’ল দুলিয়াজানৰ অমল পাঠক। বহুসময়ত বিভিন্ন কাৰণত মানুহজনক প্ৰচাৰৰ অথবা প্ৰকাশৰ পৰা দুৰত ৰখা হয়। সেয়েহে আজি আপোনালোকক তেখেতক পৰিচয় কৰি দিব ওলাইছো। প্ৰিয় পাঠক, NE Focus.com আৰম্ভ হোৱাৰ প্ৰধান উদ্দেশ্য আছিল আমাৰ সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত সকলক আপোনাৰ সন্মুখত দাঙি ধৰা। তেনে এটা মহান উদ্দেশ্যৰে আজি NE Focus.com ত এক লেখা প্ৰকাশ কৰা হ’ল। আহকচোন লাহে লাহে আগুৱাই যাও কাহিনীভাগৰ মাজলৈ।


কোনো এটা শিল্প কৰ্ম সৃষ্টি হ’বলৈ হ’লে সুস্থ সামাজিক পৰিবেশৰ অত্যন্ত আৱশ্যক। তেনে এটা সুস্থ সামাজিক পৰিবেশৰ পৰাই অমল পাঠকে বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত হৈও বিহুগীত ৰচনা কৰিছিল। অমল পাঠকৰ ভাষাত ক’বলৈ হ’লে- মই নিৰিবিলি পৰিবেশত গান লিখো। সুৰ কৰি, ৰেৰ্কড কৰি লগৰবোৰক শুনাও। আৰু যেতিয়া লগৰবোৰে ভাল হৈছে বুলি কয়, তেতিয়া কোনো গায়কৰ লগত যোগাযোগ কৰি ৰাইজৰ মাজলৈ নিয়াৰ প্ৰয়াস কৰো। মই বিশেষকৈ মাটিৰ গোন্ধ থকা, প্ৰকৃতিৰ ওপৰত গান লিখো। বৰ্ত্তমান সময়ত গান বোৰত পয়োভৰ হোৱা বিৰ্তকিত শব্দবোৰে খুবেই হতাশ কৰে। আমাৰ নিজৰ ভাষাটো খুবেই চহকী ভাষা। এই ক্ষেত্ৰত মই ভাবো, বেবেৰিবাং শব্দ ধাৰ কৰি গান লিখা কোনো অৰ্থই নাথাকে। এই মন্তব্য অমল পাঠকৰ।

উল্লেখযোগ্য যে অমল পাঠকে ২০০৩ চনৰ পৰা বৰ্ত্তমানলৈকে প্ৰায় ৩৬ টা গান লিখিছে। তেখেতৰ প্ৰতিটো গানতে সমাজৰ বাবে কিবা নহয় কিবা এটা বাৰ্ত্তা থাকে। ২০০৩ চনৰৰ পৰা ৰঙামণি নামৰ এলবামৰ জৰিয়তে বিহুপ্ৰেমী ৰাইজক ন ন বিহু গান উপহাৰ দিবলৈ সক্ষম হৈছে। এইবছৰ লুইত আৰু ৰঙামণি এলবাম মুকলি কৰিছে। উল্লেখযোগ্য যে ৰঙামণি আৰু লুইতত কণ্ঠদান কৰিছে ডিগবৈৰ বিশ্বজিতে।

সংস্কৃতিপ্ৰেমী শিল্পীজনে অনাগত সময়ত জেং বিহু লৈ কাম কৰাৰ পৰিকল্পনা ৰাখিছে। কৃষ্টি পথাৰখনত সৃষ্টিৰ বীজ সিঁচি নতুন নতুন গান উপহাৰ দিবলৈ আগবাঢ়ে যেন, সকলোৰে লগতে আমাৰো থাকিল বহু শুভকামনা।

Comments (4)
Add Comment
  • Tapan khaund

    অমল পাঠকৰ বিষয়ে জানি ভাল লাগিল

  • Rupjyoti Saikia Gogoi

    Very energetic.Got inspiration.

  • Rupam Dutta

    Very nice