মুম্বাইত জিলিকি উঠিছে অসম সন্তান

কষ্ট কৰিব পৰা মানসিকতা, মনৰ দৃঢ়তা থাকিলে সকলো কামতে সফল হ’ব পাৰি। আচলতে ধৈৰ্য্যই জীৱনৰ পথ সুগম কৰে। এই মন্তব্য মুম্বাইত প্ৰতিষ্ঠিত চাউণ্ড ডিজাইনাৰ অৰুণাভ দত্তৰ। অৰুণাভ দত্তই মুম্বাইত কেৱল চাউণ্ড ডিজাইনাৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰায়ে নহয়, শেহতীয়াকৈ মহাৰাষ্ট্ৰ চৰকাৰৰ ৰাজ্যিক পুৰষ্কাৰৰ বাবে মনোনীত হৈছে।

সম্প্ৰতি মুম্বাইৰ গৌৰেগাঁৱৰ বাসিন্দা অৰুণাভ দত্তই তেখেতৰ জীৱন যাত্ৰা সম্পৰ্কে এনেদৰে কয়… মোৰ ঘৰ যোৰহাটৰ মালৌআলিত। আনুষ্ঠানিক শিক্ষা জে.বি.কলেজৰ পৰা লোৱাৰ পিছত জ্যোতি চিত্ৰবনত চাউণ্ড ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম গ্ৰহণ কৰো। ইয়াৰ পিছত মুম্বাইত যথেষ্ট কষ্ট কৰিছিলো। প্ৰথম অৱস্থাত দৈনিক ১২-১৪ ঘণ্টা কাম কৰিছিলো। যাৰ বাবে কাম শিকিবলৈ সক্ষম হ’লো। উল্লেখযোগ্য যে অৰুণাভ দত্তই খিতিজ এ হৰাইজন নামৰ চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ শব্দযন্ত্ৰী পুৰষ্কাৰ লাভ কৰিব। অহা ৩০ এপ্ৰিলত দাদৰ নাট্যকলা মন্দিৰত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত বঁটা গ্ৰহণ কৰিব। মহাৰাষ্ট্ৰৰ কৃষকৰ সমস্যা, পানীৰ অভাৱ আৰু এজনী সৰু ছোৱালীয়ে পঢ়া সময়ত কৰা সংগ্ৰাম কাহিনীৰ পটভুমিত ‘খিতিজ এ হৰাইজন ‘নামৰ চিনেমাখন নিৰ্মিত হৈছে। জানিব পৰা মতে ইতিমধ্যে অৰুণাভ দত্তই ৫০ খন মান চিনেমাত শব্দযন্ত্ৰী হিচাপে কাম কৰিছে। সুদূৰ মুম্বাইত নিজ কৰ্ম প্ৰতিভাৰে উজলি উঠা অৰুণাভ দত্তলৈ nefocus.com ৰ ফালৰ পৰা বহু অভিনন্দন জনালো।

Comments (0)
Add Comment