সৰুৰে পৰা ল’ৰাজনে সপোন দেখি খুব ভাল পাইছিল। ওখ ওখ সপোন বোৰক বাস্তৱ ৰুপ দিবলৈ কিন্তু মুলধন নাছিল। আছিল মাথো এটা সবল মন আৰু দৃঢ স্থিতি।
আচলতে জীৱন যুজত অৱতীৰ্ণ হোৱা জনে কেতিয়াও কোনো ক্ষেত্ৰতে হাৰ নামানে, সময় কিম্বা পৰিস্থিতিৰ সৈতে….. বৰঞ্চ হাতে পোৱাতোকে খামুচি জীৱন বাটত আগবঢ়ে।
পেটৰ অন্ন মুঠিৰ তাড়নাতে এদিন এই বিশেষ ল’ৰাজনে কামৰ সন্ধানত দিল্লী পালেগৈ। দিল্লীৰ ৰেল ষ্টেচনত লগ পোৱা এজন ৰ্কমচাৰীয়ে ল’ৰাজনৰ কাৰ্মৰ আগ্ৰহ দেখা পাই এখন হোটেলৰ ৰ্কমচাৰী হিচাপে নিয়োগ কৰে। এয়া আছিল সেই সপোন পিয়াসী ল’ৰাজন কৰ্ম জীৱনৰ আৰম্ভণি।
বছৰ বাগৰিল। বছৰ বাগৰাৰ লগে লগে ল’ৰা জনৰো বয়স বাঢ়িল। দিল্লীত কিছু বছৰ কাম কৰি স্বগৃহলৈ আহি স্বজাতিৰ উত্তৰণৰ অৰ্থে আৰম্ভ কৰিলে এক পন্থা। যি পন্থাৰ জৰিয়তে সোণালী সুতাক বিশ্ববাসীৰ মাজত পৰিচয় কৰাই দিবলৈ সক্ষম হ’ল। সক্ষম হ’ল হাজাৰজনক জীৱন জীৱিকাৰ সন্ধান দিবলৈ।
এই বিশেষ ব্যক্তিজন হ’ল বিজয়নগৰৰ হাৰোপাৰাৰ নৰমোহন দাস। উল্লেখযোগ্য যে নৰমোহন দাসৰ পৰিচালনাত ৫ খন গাৱৰ ২৭০ গৰাকী বোৱনী আৰু ৭০০ গৰাকী সুতাকটা মহিলাই বিচাৰি পাইছে জীৱিকা নৱচন্দ। এই সম্পৰ্কে জানিব বিচাৰাত নৰমোহন দাসে এনেদৰে কয়- দিল্লীৰ পৰা আহি প্ৰত্যেক্ষ ভাৱে অসমৰ বহুকেইটা এন জি আৰ লগত জৰিত হৈ পৰো NGO ৰ কাম কৰি বুজি উঠো যে, আমাৰ গ্ৰাম্য অঞ্চলৰ মহিলা সকলৰো দক্ষতা আছে, বিশেষকৈ বোৱা কটাৰ ক্ষেত্ৰত। সেয়েহে মোৰ মায়ে কৰা কামকে মই বাচি ল’লো। বাকী কাপোৰৰ Dry কৰা প্ৰতিক্ৰয়াবোৰ নিজকে উদ্ভাৱন কৰিলো।
হেণ্ডলোম আৰু হেণ্ডিক্ৰাফ নামৰ এক প্ৰতিষ্ঠান গঢ় দি ঘৰৰ পৰাই মুগা, এৰি, নুনি কাপোৰৰ, থানকাপোৰ, ষ্টল আদিবোৰ বাহিৰৰ বজাৰত সমাদৰ লাভ কৰিবলৈ সক্ষম হও। ইতিমধ্যে দিল্লী, মুম্বাইৰ লগতে জাৰ্মানী, হংকং, লণ্ডন আদিত দাসৰ কাপোৰে বেচ সমাদৰ লাভ কৰিছে।
চন্দনৰ গুটিৰ মালা, বাঁহৰ বিভিন্ন খেলনা আদিবোৰ দিল্লীৰ প্ৰৰ্দশনী হোৱা বিক্ৰীয়ে প্ৰথম ব্যৱসায়ৰ আৰম্ভণিৰ সমল বুলি জানিবলৈ দিয়ে। নৰমোহন দাসৰ কৰ্মৰ যোগেদি ১০০০ টা পৰিয়াললে আশাৰে হাঁহিবলৈ শিকিছে। আমিও এই আপাহতে নিবেদিছো অশেষ শ্ৰদ্ধা। হাজাৰজন হৈ ৰওক এই পথৰ পথিক। NE FOCUS.COM ৰ পৰা জনাইছো বহু শুভকামনা।