বিহুৰ বাদ্যযন্ত্ৰ আঁৰৰ কেইগৰাকীমান শিল্পীৰ কথাৰে

বিহু বুলিলেই সাধাৰণতে কেইবিধমান বাদ্য যন্ত্ৰৰ প্ৰসংগৰ কথা মনলৈ আহে। সেইকেইবিধ বাদ্য যন্ত্ৰ হ’ল ঢোল, পেপা, গগণা, সুতুলি ইত্যাদি। এই কেইবিধ বাদ্য যন্ত্ৰ ব্যৱসায়ৰ যোগেদি স্বাৱলম্বীতাৰ নিৰ্দশন দাঙি ধৰা কেইজনমান  ব্যক্তিৰ কৰ্ম আজি nefocus.com ত প্ৰকাশ কৰা হ’ল।

ঢোলৰ ব্যৱসায়কে জীৱনৰ বৃত্তি হিচাপে বাচি লোৱা ধেমাজীৰ গোগামুখৰ এজন ব্যক্তি পৰশুৰাম দাস। তেখেতে ১২ বছৰ বয়সৰ পৰাই এই বৃত্তিৰ লগত জড়িত হৈ আছে। তেখেতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আমাক এনেদৰে জানিবলৈ দিয়ে। মই এই বৃত্তিৰ লগত ১২ বছৰ বয়সৰ পৰাই জড়িত হৈ আছো। দেউতাৰ দিনৰ পৰম্পৰা অনুসৰি এই বৃত্তিৰ লগত জৰিত হৈ পৰো। আমি সাধাৰণতে ওজা ঢোল, পাটি ঢোল, বিহু ঢোল আৰু মিচিং ঢোল ইত্যাদি প্ৰস্তুত কৰো। পূৰ্বৰ তুলনাত ঢোলৰ বিক্ৰী সিমান হোৱা নাই। আমি প্ৰস্তুত কৰা ঢোলবোৰ কঠালৰ খোলৰ পৰা প্ৰস্তুত  কৰা। ৫০০ টকাৰ পৰা ৩০০০ টকা পৰ্যন্ত।

আমাৰ যিহেতু পৰম্পৰাগত ভাৱে এই ব্যৱসায় চলি আহিছে। গতিকে অনাগত দিনটো এই ব্যৱসায়ৰে আগবাঢ়ি  যাম।

আনহাতে বাঁহৰ ৬ ফুট দীঘল পেপাৰে সংবাদ শীৰ্ষ দখল কৰা অন্য এজন ব্যক্তি হ’ল আনন্দ গগৈ। শিৱসাগৰ জিলা নিতাইপুখুৰীৰ গড়ভঙা গাৱৰ গগৈয়ে ২০০৩ চনৰ পৰাই বাঁহৰ বিভিন্ন সা সজুলি নিৰ্মাণৰ কামত নিয়োজিত হৈ আছে। তেখেতৰ মতে ম’হ শিঙৰ পেপাতকৈ বাঁহৰ পেপা যথেষ্ট পাতল। সেয়েহে গ্ৰাহকে সুবিধা প্ৰতি লক্ষ্য কৰি বাঁহৰ পেপা গগৈৰ পৰা ক্ৰয় কৰিছে। গগৈয়ে পেপাৰ উপৰিও সুতুলি, টকা, গগণা, বাঁহৰ ঢোল আদিবোৰ বনায়। স্মৰ্তব্য যে আনন্দ গগৈয়ে এনে ব্যৱসায় জৰিয়তে আৰ্থিকভাৱে স্বচ্ছলতা লাভ কৰিবলৈ সক্ষম হৈছে।

এই দুয়ো গৰাকী শিল্পী আমাৰ জাতিক তথা সমাজৰ গৌৰৱ। এনেদৰে সদায়ে নিজ কৰ্মৰে যাতে উদ্ভাসিত হয় তাৰ বাবে বহু শুভকামনা জনালো।

Comments (0)
Add Comment