P.B.Food Product ৰ উদ্যমীৰ কথাৰে

কলেজৰ দিনত পোৱা শিক্ষাই বৰ্ত্তমানে আগবাঢ়ি যোৱাত যথেষ্ট সহায় কৰিলে। মোৰ Home Science  শীৰ্ষক বিষয় আছিল। এই  বিষয়ত বিভিন্ন আচাৰ, জাম, জেলী প্ৰস্তুত কৰাৰ প্ৰণালীৰ শিক্ষা পাইছিলো। অৱশ্যে বনাই ভাল পোৱাটো এটা মোৰ চখ আছিল। যাৰ বাবে এনেদৰে আগবাঢ়িবলৈ সক্ষম হ’লো। এই মন্তব্য মহানগৰীৰ বামুনীমৈদামৰ নিবাসী পাৰুল বৰুৱাৰ।

উল্লেখযোগ্য যে পাৰুল বৰুৱাই P.B.Food Product নামেৰে ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে ব্যৱসায়ৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হৈছে। লগতে বহুকেইগৰাকী মহিলাক কৰ্মসংস্থাপনৰ পথ দেখুওৱাইছে। এই সম্পৰ্কে পাৰুল বৰুৱাই এনেদৰে মন্তব্য কৰে… কলেজৰ দিনত পোৱা প্ৰশিক্ষণ আৰু গাৱৰ কিছুমান আইতাৰ পৰা পোৱা দিহা পৰামৰ্শই আচাৰ, জাম, জেলী অথবা খাৰলি পানীটেঙা প্ৰস্তুত প্ৰণালীৰ বিষয়ে শিকিছিলো, যিয়ে বৰ্ত্তমান সময়ত যথেষ্ট সহায় কৰিছে। চনটো ঠিক মনত নাই, এবাৰ ডিব্ৰুগড়ত সাহিত্য সভা হৈছিল। মই ঘৰতে প্ৰস্তুত কৰা আচাৰ, জাম, জেলীয়ে গ্ৰাহকৰ পৰা যথেষ্ট সহাৰি পাও আৰু সহকৰ্মী সকলৰ উৎসাহে মোক আনন্দিত কৰি তুলে। যাৰ বাবে বিভিন্ন ঠাইৰ প্ৰদৰ্শনী, মেলা আদিত যোৱাৰ সুযোগ পাওঁ।

মই ভাবো, সকলোৰে মাজতে প্ৰতিভা আছে। সময় আৰু সুযোগ বুজি সেইমতে আগবাঢ়িলে নিশ্চয়কে সুফল পাব।

কোনো সদাশয় ব্যক্তি অথবা অনুষ্ঠান প্ৰতিষ্ঠানৰ সহাঁৰি পালে বৃহৎ উদ্যোগলৈ পৰিণত কৰাৰ আশা পাৰুল বৰুৱাই পুহি ৰাখিছে।

Comments (2)
Add Comment
  • Rajesh vyas

    i am interested in bel fruit and rice couldn’t follow anything else in English and your price list for marketing in Gujarat

    • admin

      Kindly contact with Admin @9401544117