যুৱ উদ্যমী- ধ্ৰুৱজ্যোতি কাকতি

এটা কথা মন কৰিব চোন! কিছুমান ব্যক্তিয়ে যেতিয়া বিশেষ গুণৰ অধিকাৰী হৈ সফলতাৰে বাট বোলাৰ কথা জানিবলৈ পাও, তেনে সময়ত বহুতো কথা শুনিবলৈ পাও, এই ধৰক- এই গুণৰ অধিকাৰী জন্মগত ভাৱে অথবা ঘৰুৱা পৰিবেশে বহু পৰিমাণে সহায় কৰাৰ কথা।

আজি জানিবলৈ বিচৰা ব্যক্তি জনক ঘৰুৱা পৰিবেশে আগবাঢ়ি যোৱাত যথেষ্ট সহায় কৰিছিল। ঠিক ব্যক্তি বুলিলে নহ’ব, এজন বিশেষ ছাত্ৰৰ সফলতাৰ কাহিনী আজি আপোনালোকক জনাবলৈ লৈছো।

বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ এজন মেধাৱী ছাত্ৰ। নাম ধ্ৰুৱজ্যোতি কাকতি। উল্লেখযোগ্য যে ছাত্ৰজনে নিজস্ব সৃজনীশীলতা উদ্ভাৱন কৰিছে মানৱ জীৱনৰ বহু লাগতিয়াল সা- সঁজুলি অথবা সা সামগ্ৰী।

স্মতৰ্ব্য যে পেডেল চালিত গ্ৰেণ্ডাৰ, পেডেল চালিত ইটা তৈয়াৰ কৰা যন্ত্ৰ, বহুমুখী পেং, জুঁইৰ উৎস নোহোৱাকৈ জলাব পৰা কাঠি ইত্যাদি। নবীন উদ্যোগী জনে উদ্ভাৱন কৰা সামগ্ৰী সমূহ ইতিমধ্যে ভাৰতৰ বিভিন্ন ঠাইত প্ৰদৰ্শিত হৈছে। এই সম্পৰ্কে ধ্ৰুৱজ্যোতি কাকতিৰ পৰা জানিব বিচৰাত এনেদৰে কয়- সৰুৰেপৰা দেখি থকা দেউতাৰ সৃষ্টিশীলতাৰ কামে এনেবোৰ কামৰ প্ৰতি আগ্ৰহী কৰি তুলিলে। ভৱিষ্যতে উদ্যমী হিচাপে প্ৰতিষ্ঠা হোৱাৰ মোৰ অযুঁত হেপাহ আছে। বিজ্ঞান জনপ্ৰিয় কৰাৰ উদ্দেশ্যে “হৰিৎকণা” নামৰ পত্ৰিকা খনৰ যোগেদি সজাগতা অনাৰ প্ৰয়াস কৰি আছো। Krisam NET নামৰ ম’বাইল এপৰ যোগেদি কৃষক সকলে বতৰ বিজ্ঞানৰ আগজাননী, বজাৰ আৰু সেৱাৰ সম্পৰ্কে তথ্য লাভ কৰিব পৰাকে  আমি প্ৰস্তুত কৰিছো।

উল্লখযোগ্য যে Indian Youth Forum ৰ পৰা ধ্ৰুৱজ্যোতি কাকতিয়ে লাভ কৰিছে যুৱ নেতৃত্বৰ সন্মান। এই আপাহতে NE Focus.com ৰ ফালৰ পৰা আমি জনাইছো বহু শুভকামনা।

Comments (0)
Add Comment