ভাস্কৰ্য্য শিল্পী মঞ্জিত হাজৰিকা

আজিৰ তাৰিখত আপোনাক যদি প্ৰশ্ন কৰো শিল্প কৰ্ম কৰি আজিৰ সমাজত চলিব পৰা যায় নে? তাৰ উত্তৰ হয়টো আপুনি ক’ব, পাৰি হয়টো নোৱাৰি! কিন্তু এটা কথা ঠিক যে আমাৰ মাজত থকা এই বিশেষ শিল্পী সত্তাৰ বাবেই কৰবাত নিজীৱ বস্তুও প্ৰাণ উঠা দেখা যায়।

তেনে এজন ভাস্কৰ্য্য শিল্পী তথা লোক শিল্পী আজি আপোনাক পৰিচয় কৰি দিব লৈছো। প্ৰিয় পাঠক, nefocus.com ৰ মঞ্চখন গঢ় দিয়া হৈছিল সমাজৰ বিভিন্ন ক্ষেত্ৰত প্ৰতিভাধৰ সকলৰ প্ৰতিভাক সমাজৰ আগত দাঙি ধৰাৰ উদ্দেশ্যেৰে। আজি এনে এটা অনুপ্ৰেৰণাদায়ক বাৰ্ত্তা আপোনালোকলৈ আগবঢ়ালো।

তেখেতৰ নাম মঞ্জিত হাজৰিকা। ঘৰ বিশ্বনাথ জিলা চতিয়ালত। তেখেতে অসমীয়া লোক শিল্প, ভাস্কৰ্য্য শিল্পৰ কৰ্মৰ লগত জড়িত হৈ আছে। এই সম্পৰ্কে মঞ্জিত হাজৰিকাৰ পৰা জানিব বিচৰাত এনে দৰে কয়- মই চতুৰ্থ শ্ৰেণীত পঢ়ি থকা সময়ৰ পৰা এই কামৰ লগত জৰিত হৈ আছো। মোৰ দেউতা এজন ভাস্কৰ্য শিল্পী। ঘৰুৱা পৰিবেশ তথা শুভাকাংক্ষী সকলৰ অনুপ্ৰেৰণাত এনে শিল্প কৰ্মক জীৱিকা সম্বল হিচাপে বাচি লোৱাৰ বাবে অগ্ৰসৰ হও। ২০১৪ চনত DIC ৰ অধীনত জিলা পৰ্য্যায়ত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত স্থান লাভ কৰাৰ বাবে মনত উৎসাহ লাভ কৰো।

উল্লেখযোগ্য যে মঞ্জিত হাজৰিকাই কাঠৰে সকলো ধৰণৰ সা-সামগ্ৰী প্ৰস্তুত কৰিব পাৰে। বিশেষকৈ বিহু অথবা কোনো অনুষ্ঠান আদিত হাজৰিকাৰ প্ৰস্তুত কৰা বিহু সম্বলিত স্মৰক গায়ন-বায়নে (কাঠত খোদিত) বেচ সমাদৰ লাভ কৰিছে। লগতে এনে কামৰ জৰিয়তে মঞ্জিত হাজৰিকাই ৬ টা পৰিয়াললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। এই ছেগতে www.nefocus.com ৰ ফালৰ পৰা আমিও জনাইছো বহু শুভকামনা।

Comments (0)
Add Comment