World Heritage Hero বটাৰ বাবে মনোনীত হোৱা অসম সন্তান-ডo বিভুতি লহকৰ

কলেজৰ দিনতে মানসক দেখি প্ৰেমত পৰিছিলো। সেয়াই আছিল মোৰ প্ৰথম প্ৰেম। প্ৰথম প্ৰেমক কোনেও পাহৰিব নোৱাৰে। ঠিক মইও নোৱাৰো। সেয়েহে মই পি.এইচ.ডি কৰিবলৈ পুনৰ মানসলৈ গ’লো। আজি দুটা দশক ধৰি মানসৰ লগত আছো, মানসৰ দাঁতিকাষৰীয়া অঞ্চলৰ মানুহৰ বাবে কাম কৰিছো। নিজৰ জীৱনকো তুচ্চ ঞ্জান কৰি মানসৰ বাবে কাম কৰিছো…. এই মন্তব্য এছিয়াৰ পৰা মনোনীত একমাত্ৰ ব্যক্তি World Heritage Hero ডo বিভুতি লহকৰৰ।

এছিয়াৰ পৰা মনোনীত ব্যক্তিজনৰ Heritage Hero উপাধিটো শুনি কেনে পালে বাৰু? তাতে এজন অসমীয়া! নিশ্চয়কৈ সুখবৰ নহয় নে? এতিয়া জানোচোন আহক এই ডo বিভুতি লহকৰ কোন আৰু তেঁও কেনেধৰণৰ ভাল কামৰ বাবে এই বিশেষ সন্মানৰ বাবে মনোনীত হৈছে।

o বিভুতি লহকৰ মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ বাসিন্দা। তেখেত মহানগৰীৰ বাসিন্দা হ’লেও কাম হৈছিল, মানস ৰাষ্ট্ৰীয় উদ্যানতেহে। তেখেতে মানস ৰাষ্ট্ৰীয় উদ্যানৰ ঘাহঁনি আৰু পৰিবেশ তন্ত্ৰৰ ওপৰত গৱেষণা কৰিছিল। তেখেতৰ গৱেষণাৰ ফলশ্ৰুতিত বন বিভাগে, পৰিবেশ বিঞ্জান বিভাগে মানস ৰাষ্ট্ৰীয় উদ্যানৰ সবিশেষ জানিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও লহকৰৰ ৩০ জন মান সহৰ্কমীৰ সহযোগত জীৱ জন্তুৰ অৱস্থিতিৰ সৰ্ম্পকে, পৰিবেশ তন্ত্ৰৰ লগত খাপ খাই চলিব পৰাকে সক্ষম কৰি তুলিছিল। গাঁৱে গাঁৱে গৈ একাংশ যুৱক-মহিলাৰ স্বাৱলম্বীতাৰ বাবে হাঁহ-কুঁকুৰা পালন, গাহৰি পালনৰ নিচিনা ব্যৱসায়ৰ প্ৰতি আগ্ৰহী কৰিছিল। একাংশ আত্মসৰ্মপণকাৰী চোৰাং চিকাৰীক তেখেতে মানস সংৰক্ষণৰ নিচিনা কামত নিয়োজিত কৰাইছে। বিশেষকৈ হাতী মানুহৰ সংঘাত নিৰ্মুল কৰাত গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা আৰু গোষ্ঠীগত সংঘৰ্ষৰ সময়ত নিজৰ জীৱনকো তুচ্চ ঞ্জান কৰি সমাজলৈ আগবঢোৱা সেৱাৰ বাবে তেখেত মনোনীত হৈছে।

উল্লেখযোগ্য যে আই ইউ চি এন ৰ (International Union For Conservation of Nature) World Heritage Hero বটাৰ বাবে এছিয়া মহাদেশৰ পৰা মনোনীত হোৱা একমাত্ৰ সংৰক্ষণবিদ। ৩ চেপ্তেম্বৰত অনুস্থিত হ’বলগীয়া IUCN ৰ World Conservation Congress ত অনলাইন ভোটৰ ভিত্তিত এজনক সেই বিশেষ খিতাপেৰে সন্মানিত কৰিব। আফ্ৰিকাৰ এজন আৰু ৰাছিয়া দুজনৰ লগতে মনোনীত হোৱা লহকৰ একমাত্ৰ অসমীয়া।

প্ৰিয় পাঠক, নহয়নে বাৰু তেখেত আমাৰ বাবে এজন গৌৰৱৰ ব্যক্তি? আহকচোন তেখেতক ভোটদান কৰি জয়যুক্ত কৰাত সহায় কৰো। তেতিয়াহে আমি ক’ব বিশ্ববাসীক গৌৰৱৰে ক’ব পাৰিম- হয়, তেখেতে ড বিভুতি লহকৰ আমাৰ অসমৰ সুসন্তান।

Comments (9)
Add Comment
  • Dr.I.D.Talukdar

    Really Bibhuti Lahkar is a hard working Conservationist.He is doing very good job in Assam which is more than a forest officer.I wish him every success in his life

  • Dr.I.D.Talukdar

    Wish him good luck

  • abhijit bhattacharjya

    Wish him good luck.already he made us proud.Proud to be an Assamese.

  • MaryMJ

    Hello! My name is MaryMarkova, our compane need to advertise on your website. What is your prices? Thank you. Best regards, Mary.

  • AnnaMJ

    Hello! My name is AnnaMarkova, our company need to advertise on your website. What is your prices? Thank you. Best regards, Mary.