কেইবিধমান খাদ্যৰ ৰেচিপি

চিকেন কিমা পৰঠা

এইবিধ পৰঠা বনোৱাৰ পদ্ধতি ঠিক আলু পৰঠাৰ দৰেই৷ খালি উপকৰণ বোৰ অলপ সালসলনি হয়।

উপকৰণ

চিকেন কিমা- ½ কিলো

সৰু পিয়াজ- 2 টা (মিহিকে কুটা)

আদা-নহৰু পিহা- 2 চামুচ

জলকীয়া গুড়ি- 1 চামুচ

জিৰা গুড়ি-1 চামুচ

ধনিয়া গুড়ি-1 চামুচ

গৰম মছলা- 1 চামুচ

তেল-2 চামুচ

এটা কেৰাহীত তেল গৰম কৰি কাটি লোৱা পিয়াজখিনি দি অলপ ৰঙচুৱা হোৱালৈকে ভাজি লওক। এতিয়া আদা-নহৰু পেষ্ট আৰু বাকী গুড়ি মছলা দি তেল বিৰিঙি অহালৈকে ভাজক৷ মছলা লাগি ধৰা যেন পালে কম পৰিমাণে পানী দিব পাৰে৷ মছলা ভজা হ’লে কিমা খিনি দি লৰাওক। ঘনাই লৰাব, নহ’লে কিমা গুটা হৈ যায়৷ মধ্যম জুইত  ২০-২৫ মিনিট ভাজিলেই তৈয়াৰ হৈ পৰিব কিমাৰ বোৰ৷

এতিয়া কিমা খিনি ঠাণ্ডা হয় মানে পৰঠাৰ কাৰণে আটা বা ময়দা সানি লওক অকণমান নিমখ আৰু ৰিফাইণ্ড তেল দি৷ ৰুটিৰ বাবে মৰা আটাতকে অলপ টান কৰিব৷

এতিয়া এটা লেচি চিঙি গোল কৰি মাজতে গাঁতৰ নিচিনা কৰি চিকেন কিমাৰ পূৰ দি চাৰিওফালৰ পৰা গোল কৰি বন্ধ কৰি বেলি লওক৷ বেলোতে সাৱধান, যেন ফাতি নাযায়। এতিয়া তেল বা ঘি (কম পৰিমাণে) দি পৰাঠা ভাজি দৈৰ লগত পৰিবেশন কৰক৷

চিকেন কিমা বিৰিয়ানী (৩ জনৰ বাবে)

সামগ্ৰী

কিমা- ২৫০ গ্ৰাম (যদি কিমা নাপায়, তেনেহলে বনলেচ পিচ বোৰ উলিয়াই এবাৰ বা দুবাৰ মিক্সিত ঘূৰাই দিলেই তৈয়াৰ হৈ যাব চিকেন কিমা)৷

Basmati বা জহা চাউল- ১ কাপ (approx)

পিয়াজ- ২ টা (medium size)

আদা-নহৰু পেষ্ট- ২ চাহ চামুচ

বিৰিয়ানী মছলা- ২-৩ চাহ চামুচ

গৰম মছলা-১ চাহ চামুচ

ফেটি লোৱা দৈ-৩ চাহ চামুচ

জলকীয়া গুড়ি- আন্দাজ অনুসৰি

নিমখ- আন্দাজ অনুসৰি

হালধি- ১ চাহ চামুচ

তেল – ১ চামুচ

ঘি- ১ চামুচ

প্ৰণালী

প্ৰথমে, কেৰাহীত পৰিমান অনুসৰি পানী লৈ পানী অলপ উতলিলে ধুই থোৱা চাউল খিনি দি দিয়ক৷ লগতে ৰিফাইন তেল, নিমখ ১/২ চামুচ মান আৰু কেইটামান গোটা জিৰা দি দিয়ক৷ চাউল খিনি ৮০ শতাংশ মান ৰন্ধা হ’লে পানী অলপো নথাকাকে চেকি পেলাওক আৰু ঢাকোন নলগোৱাকে থৈ দিয়ক পাচত ব্যবহাৰ কৰিবৰ বাবে৷

এতিয়া, আন এটা কেৰাহীত তেল দি তেল খিনি গৰম হ’ব দিয়ক৷ অলপ গৰম হ’লে দুটা ইলাচি, এডোখৰ দালচেনি আৰু এটা তেজপাত দি লৰাই দিয়ক৷ এতিয়া মিহি আৰু দীঘলীয়াকে কাটি লোৱা পিয়াজখিনি তেলত দি ৰঙচুৱাকৈ ভাজি লওক (Brownish color হোৱাকে)৷ এতিয়া আদা-নহৰু পেষ্ট দিয়ক৷ লগতে নিমখ আৰু হালধি দি ২ মিনিট মান ভাজি লওক৷ এতিয়া গুড়ি মছলাবোৰ এটা এটাকে দি ভালদৰে ভাজি লওক৷ যেতিয়া মছলা খিনিয়ে তেল এৰিবলে আৰম্ভ কৰিব, তেতিয়া ফেটি থোৱা দৈ খিনি দি মিশ্ৰন টো ভালদৰে লৰাওক৷ এইবাৰ তৈয়াৰ কৰি থোৱা কিমা খিনি দি ভালদৰে মিক্স কৰক৷ কিমা সঘনাই লৰাব লাগে সাধাৰনতে৷ নহলে গোটা হৈ থাকি যাব পাৰে৷ কিমা খিনি ভাজা হ’লে আগৰে পৰা বনাই থোৱা ভাত খিনি কিমাৰ ওপৰত দি দিয়ক৷ ওপৰৰ পৰা ১ চামুচ ঘি দিয়ক৷ এতিয়া কেৰাহিৰ ঢাকোন লগাই (tight হ’বলে আটাৰে বা ফইলেৰে লক কৰি দিব পাৰে) ১৫ ৰ পৰা ২০ মিনিট একদম কম জুইত কেৰাহিতো বহুয়াই ৰাখক৷ বচ, কিমা বিৰিয়ানী ৰেদি৷ খুলিব পৰা হ’লে দৈৰ ৰায়টা ৰ লগত পৰিবেশন কৰক৷

* বিৰিয়ানী মছলা বনাবৰ বাবে এখন শুকান টাৱা গৰম কৰি তাত গোটা জিৰা, আফুগুটি, দালচেনি, ইলাচি, লং, জালুক, শুকান জলকীয়া ভালদৰে Dry roast কৰক৷ ঠাণ্ডা হলে মিক্সিত গুড়ি কৰক৷ আপোনাৰ বিৰিয়ানী মছলা ৰেদি৷*

 

এই খাদ্য বিধ পূৰ্ব ভাৰতৰ জনপ্ৰিয় আমিষ খাদ্য সম্ভাৰৰ এবিধ৷

*আজিকালি বহুতেই ছাগলী মাংস নাখাই স্বাস্থ্যজনিত কাৰনত৷ সেইসকলে মূৰ্গী মাংস ও ব্যৱহাৰ কৰিব পাৰে৷

চ’লে মাটন ত মূল সামগ্ৰী কাবুলী বুট আৰু মাংসৰ অনুপাত ২:১ হোৱাটো দৰকাৰ৷ মানে কাবুলী বুট ২ ভাগ দিলে মাংসৰ সৰুকে কাটা টুকুৰা ১ ভাগ দিব লাগে৷

 

সামগ্ৰী-

কাবুলি বুট- ২ বাটি (তিয়াই থোৱা)

ছাগলী মাংস-১ বাটি (সৰুকে কাটা)

ডাঙৰ পিয়াজ- ১ টা

আদা নহৰু বটা- ২ চামুচ

বিলাহী- ১ টা

ধনীয়া গুড়ি-১ চামুচ

জিৰা গুড়ি-১ চামুচ

গৰম মছলা-১ চামুচ

জলকীয়া গুড়ি-১ চামু্‌চ

গোটা গৰম মছলা- ফুৰনৰ জোখাৰে

তেল-২ চামুচ

 

প্ৰনালী– মাংসখিনিত নিমখ আৰু হালধী সানি লওক৷ গেছত প্ৰেচাৰ কুকাৰ বঢ়াই গৰম হ’লে তেল দিয়ক৷ তেল গৰম হ’লে গোটা গৰম মচলাৰ ফুৰন দি সৰুকে কাটি লোৱা পিয়াজ দি ভাজক৷ অলপ ভাজা হ’লে আদা নহৰু বাটা আৰু সৰুকে কাটি লোৱা বিলাহী দি ভাজক৷ নিমখ আৰু হালধি দি মিক্স কৰক৷ এইবাৰ ধনীয়া গুড়ি, জিৰা গুড়ি, গৰম মছলা,জলকীয়া গুড়ি দি ভালদৰে ভাজক৷ দৰকাৰ হ’লে অলপ পানী দিয়ক৷ মছলাখিনিৰ পৰা তেল উলাব ধৰিলে মাংসখিনি দিয়ক আৰু আধা ভাজা হোৱালৈকে ভাজক৷ এইবাৰ তিয়াই থোৱা কাবুলি বুটখিনি দি ২-৩ মিনিট ভাজি পৰিমান মতে পানী দিয়ক৷ এইবাৰ কুকাৰত ঢাকোন লগাই ৩-৪ টা হুইচেল হবলে দিয়ক৷ ঠাণ্ডা হ’লে কুকাৰৰ ঢাকোন খুলি যদি পানী বেছি থাকে তেনেহ’লে উতলাই কম কৰক৷ গৰমে গৰমে পুৰি, পৰাঠা বা ৰুটিৰ লগত পৰিবেশন কৰক৷

ৰশ্মি বৰুৱা (Florida)
Comments (3)
Add Comment
  • দিগন্ত বুঢ়া গোহাঞি

    ৰেছিপিৰ পৰা নিজে চেষ্টা কৰি চাম। পঢ়ি ভাল লাগিল।

    • admin

      ধন্যবাদ।

  • Jobs Assam

    Mur je dekhiye Khabole maan goise,bor dhuniya hoise aru bohut bhal website.