সহজতে বনাব পৰা ৰেচেপি

সহজতে বনাব পৰা ৰেচেপি

আলহী আহিলে ঘৰত পলকতে বনাব পৰা কেইবিধমান খাদ্যৰ প্ৰণালী খাদ্য সম্ভাৰ শিতানটোত প্ৰকাশ কৰা হ’ল। ৰেচিপি সমূহ আমালৈ প্ৰেৰণ কৰিলে দুলিয়াজানৰ বিদিশা দত্তই। লেখাটো অসম্পাদিত ৰূপত আগবঢ়োৱা হ’ল।

Upside down caramel pudding

IMG-20170618-WA0021

প্ৰথমে এটা চচপেনত ৩ চামোচ চেনী গৰম কৰি ২ চামোচ পানী দি কেৰামেল কৰি ল’লো । তাত অকণমান কেশৰ মিহলাই স্টিলৰ বাতি এটাত ঢালিলো।

পুডিঙৰ বাবে দুকাপ গাখীৰ,দুটা কণী, ২ চামোচ চেনী আৰু অলপ কেশৰ ভালকৈ ফেটি লৈ কেৰামেলৰ ওপৰত ঢালিলো।

প্ৰেছাৰ কুকাৰত অলপ পানী দি বাতিটো বহুৱাই ২ /৩ টা হুইছেল দিয়াৰ পাছত নমালো।

দুঘণ্টামান ফ্ৰীজত ৰাখি খাই বেছি ভাল লাগে ॥

পকা অমিতা আৰু গাজৰ হালৱা

IMG-20170618-WA0019

হালৱা বনাবৰ বাবে পকা অমিতা মিক্সিত পেষ্ট কৰি লৈছো। গাজৰ পিহনাত ৰুকি লৈছো। কেৰাহীত ঘি গৰম কৰি গাজৰখিনি ৫ মিনিটমান ভাজি অমিতাৰ পেষ্ট দিছো। তিনি চামোচ চেনী দি ভালকৈ লৰাই কম জুইত প্ৰায় আধাঘণ্টা ভাজিছো। তাত গাখীৰ দি অলপ উতলি ঘন হোৱাত নমাইছো। ওপৰত ইলাচি গুৰি আৰু dry fruits দিছো।

Banana & strawberry shake

IMG-20170618-WA0018

দুটা পকা জাহাজি কল, একাপ strawberry crush, আধাকাপ আমুল ক্ৰীম আৰু অলপ সময়ৰ বাবে ফ্ৰীজত ৰখা গাখীৰ তিনি কাপ —-এইখিনি একেলগে মিক্সিৰ ডাঙৰ জাৰত blend কৰি লৈছো। strawberry crushত যথেষ্ট মিঠা থাকে বাবে বেলেগকৈ চেনী দিয়া নাই । ওপৰত almond কাটি পৰিবেশন কৰিছো॥

Comments (0)
Add Comment