ভাৰতী এয়াৰটেলে আন্তঃৰাষ্ট্ৰীয় ৰ’মিং (IR) পৰ্টফ’লিঅ’ত নতুন পৰিকল্পনা ঘোষণা কৰিছে, যিয়ে গ্ৰাহকসকলৰ বাবে সেৱাসমূহ অধিক সহজ, সুলভ আৰু সম্পূৰ্ণৰূপে সুবিধাজনক কৰি তুলিব। কোম্পানীটোৱে 189 খন দেশত আনলিমিটেড ডাটাৰ সুবিধা দিয়া ভাৰতৰ প্ৰথম আনলিমিটেড আন্তঃৰাষ্ট্ৰীয় ৰ’মিং পৰিকল্পনা উন্মোচন কৰিছে।
ইয়াৰ উপৰিও প্ৰবাসী ভাৰতীয়ৰ (NRI) বাবে এয়াৰটেলে এবছৰৰ বৈধতাৰে 4000 টকাৰ এক ৰিচাৰ্জ প্লেন আৰম্ভ কৰে। এই পৰিকল্পনাই 5GB ডাটা আৰু 100 ভয়চ মিনিট প্ৰদান কৰে যি বিদেশত ব্যৱহাৰ কৰিব পৰা যায়, আৰু ভাৰতত গ্ৰাহকে একে পৰিকল্পনা ব্যৱহাৰ কৰি প্ৰতিদিন 1.5GB ডাটা আৰু আনলিমিটেড কল সুবিধা লাভ কৰিব।এই পৰিকল্পনাই গ্ৰাহকক 189 খন দেশৰ যিকোনো ঠাইতে সুবিধাজনক কানেক্টিভিটি অভিজ্ঞতা প্ৰদান কৰে আৰু ভাৰতত থকাৰ সময়ত পৃথক ৰিচাৰ্জ নকৰাকৈ একে নম্বৰ ব্যৱহাৰ পাৰে।
সিদ্ধাৰ্থ শৰ্মা,ভাৰতী এয়াৰটেলৰ বিপণন সঞ্চালক তথা চিইঅ’ – কানেক্টেড হোমছ কয় যে, এয়াৰটেলত, আমি আমাৰ গ্ৰাহকসকলৰ জীৱন সহজ কৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ আৰু তেওঁলোকৰ বাবে অধিক মূল্য আৰু সুবিধা আগবঢ়াবলৈ সংকল্পিত। আমি আমাৰ আন্তঃৰাষ্ট্ৰীয় ৰ’মিং পৰিকল্পনাবোৰ উল্লেখযোগ্যভাৱে সহজ কৰা হৈছে, যি প্ৰকৃততে আমাৰ গ্ৰাহকসকলৰ বাবে মূল্য প্ৰস্তাৱ পুনৰ সংজ্ঞায়িত কৰিব আৰু বিশ্বৰ বিভিন্ন ঠাইত ৰ’মিং কৰি ডাটা আৰু ভয়চ স্ফূৰ্তিতভাৱে ব্যৱহাৰ কৰিবলৈ গ্ৰাহকক স্বাধীনতা দিব।
গ্ৰাহকসকলে এনে পৰিকল্পনাৰ সৈতে অন্যান্য আন্তঃৰাষ্ট্ৰীয় ৰ’মিং সুবিধাসমূহ উপভোগ কৰি থাকিব যিবোৰৰ ভিতৰত আছে, বিমানৰ ভিতৰত সংযোগ, বহিঃৰাজ্যত অৱতৰণ কৰাৰ সময়ত সেৱাসমূহৰ অটো সক্ৰিয়কৰণ।24×7 কন্টাক্ট চেণ্টাৰ সমৰ্থন, 189 খন দেশ ভ্ৰমণৰ বাবে এটা পৰিকল্পনা। কোনটো পেক নিৰ্বাচন কৰিব সেই লৈ কোনো বিভ্ৰান্তি নাই, বহু দেশ বা স্থানান্তৰ বিমানবন্দৰত একাধিক পেক লোৱাৰ প্ৰয়োজন নাই। নিয়মীয়া ভ্ৰমণকাৰীসকলৰ বাবে অটো ৰিনুওৱেল সুবিধা উপলব্ধ। এইবোৰ অধিকাংশ দেশীয় / স্থানীয় চিমতকৈ অধিক সুলভ হ’ব আৰু স্থানীয় চিম কাৰ্ড সংগ্ৰহ কৰাৰ সুবিধা দিব, যিয়ে বিশ্বভ্ৰমণকাৰীসকলক সংযোগিত থাকিবলৈ এটা সহজ সমাধান প্ৰদান কৰিব।
গ্ৰাহকে এয়াৰটেল থেংকচ এপত তেওঁলোকৰ সমগ্ৰ আন্তঃৰাষ্ট্ৰীয় ৰোমিং প্ৰয়োজনীয়তাসমূহ ব্যৱহাৰ, বিলিং পৰিমাণ আৰু প্ৰয়োজন অনুসৰি ডাটা বা মিনিট সংযোজনৰ আপডেটৰ সৈতে পৰিচালনা কৰিব পাৰিব।
এয়াৰটেলে আন্তঃৰাষ্ট্ৰীয় ৰোমিং অভিজ্ঞতা সংস্কাৰৰ নতুন পৰিকল্পনা ঘোষণা
