এয়াৰটেলৰ এ আই পৰিচালিত নেটৱৰ্ক চলিউচনে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ স্পেম কল তথা এছ এম এছক বিদায় জনালে। সকলো ডিভাইচত এয়াৰটেলৰ গ্ৰাহকসকলৰ বাবে স্বয়ংক্রিয় সক্রিয়কৰণ সহিতে বিনামূলীয়া সমাধান সূত্র

ভাৰতী এয়াৰটেলৰ নতুন এ আই পৰিচালিত স্পেম চিনাক্তকৰণ প্ৰণালীয়ে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ গ্ৰাহকসকলক এক আকাঙ্ক্ষিত সকাহ প্ৰদান কৰিছে। শুভাৰম্ভণীৰ পৰা আঠাইশ দিনৰ ভিতৰত, এই অগ্ৰগণ্য টেলিকম চলিউচনে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ এশ বাৰ নিযুত সম্ভাব্য স্পেম কল তথা দহ নিযুত স্পেম এছ এম এছ বাৰ্তা সফলতাৰে চিনাক্ত কৰিছে।
অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সমস্ত এয়াৰটেল গ্ৰাহকে অতিসম্প্রতি ৰিকুৱেষ্ট চাৰ্ভিচ অথবা বিনামূলীয়া চলিউচনত স্বয়ংক্রিয় প্ৰবেশাধিকাৰ অৰ্জন কৰিছে।
বিষয়টোৰ শুভাৰম্ভণী সন্দৰ্ভত মন্তব্য ৰাখি ভাৰতী এয়াৰটেলৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য কাৰ্য্যবাহী বিষয়া ৰবি মিশ্রই কয় যে, “সংযোগ বৃদ্ধিৰ সমান্তৰালভাৱে কেতবোৰ গ্ৰাহকে বিভিন্ন ধৰণৰ কেলেঙ্কাৰী, প্ৰবঞ্চণা তথা ক্ষতিকাৰক বাৰ্তাৰ সন্মুখীন হৈছে,যিবোৰে তেওঁলোকৰ অসুৰক্ষিত অনুভুতি আনিছে। এই ডিজিটেল প্ৰত্যাহ্বানৰ সৈতে যুঁজিবলৈ, এয়াৰটেলে সন্দেহযুক্ত স্পেম কল আৰু টেক্সট সমূহ সক্রিয়তাৰে চিনাক্ত কৰিবলৈ প্ৰস্তুত কৰা এই অত্যাধুনিক এ আই পৰিচালিত সমাধান সুত্র উন্মোচন কৰি আনন্দিত হৈছো। উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি এয়াৰটেলে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ওঠৰ নিযুত গ্ৰাহকৰ বাবে নিৰাপত্তা ব্যবস্থা বৃদ্ধি কৰাৰ লগতে সৰ্বজনৰ প্ৰতি এক সুৰক্ষিত যোগাযোগ সুনিশ্চিত কৰিছে “।
এয়াৰটেলৰ ডাটা বৈজ্ঞানিকসবৰ দ্বাৰা আভ্যন্তৰীণভাৱে বিকশিত, এ আই পৰিচালিত সমাধান সুত্রটোৱে কল আৰু এছএমএছক “সন্দেহজনক স্পেম” হিচাপে চিনাক্ত আৰু শ্ৰেণীবদ্ধ কৰিবলৈ এটা স্বত্বাধিকাৰী এলগৰিথম ব্যৱহাৰ কৰে।অত্যাধুনিক এলগৰিথমৰ দ্বাৰা পৰিচালিত নেটৱৰ্কে বিভিন্ন পেৰামিটাৰ যেনে কল/এছ এম এছ ফ্ৰিকুয়েন্সী আৰু কলৰ ম্যাদকে আদি কৰি ৰিয়েল টাইমৰ আধাৰত বিশ্লেষণ কৰে। প্ৰযুক্তিটোৱে এই ডাটাক প্ৰতিষ্ঠিত স্পেম টেণ্ডৰ সৈতে ৰিজনি কৰি সম্ভাব্য স্পেম কল আৰু এছএমএছ ক সঠিকভাবে প্ৰতিফলিত কৰে।
এটা দ্বিস্তৰযুক্ত সুৰক্ষা, তাতে দুটাকৈ ফিল্টাৰ থাকে—এটা নেটৱৰ্ক স্তৰত আনটো আই টি চিষ্টেম লেয়াৰ। প্ৰতিটো কল আৰু এছএমএছ উক্ত দ্বিস্তৰযুক্ত এ আই শ্বিল্ডৰ মাজেৰে পাৰ হয়। দুই মিলি চেকেণ্ডত সমাধান সুত্ৰটোৱে এক দশমিক পাঁচ বিলিয়ন বাৰ্তা আৰু দুই দশমিক পাঁচ বিলিয়ন কল প্ৰক্ৰিয়া কৰে। এয়া এ আই শক্তি ব্যৱহাৰ কৰি প্ৰকৃত সময়ৰ ভিত্তিত এক ট্ৰিলিয়ন ৰেকৰ্ড প্ৰক্ৰিয়াকৰণৰ সমান্তৰাল।
ইয়াৰোপৰিও সমাধান সুত্রটোৱে গ্ৰাহকসকলক এছ এম এছৰ জৰিয়তে প্ৰাপ্ত হোৱা ক্ষতিকাৰক লিঙ্কবোৰৰ বিষয়েও সতৰ্ক কৰে।তাৰ বাবে এয়াৰটেলে ব্লেকলিষ্ট কৰা ইউ আৰ এলক কেন্দ্রীভূত ডাটাবেচ নিৰ্মাণ কৰি উলিয়াইছে আৰু উপভোক্তাসকলক সন্দেহ ঘণীভূত হোৱা লিঙ্কত অবলীলাক্রমে ক্লিক কৰাৰ পৰা সতৰ্ক কৰিবলৈ প্ৰতিটো এছ এম এছ সঠিক সময়ত অত্যাধুনিক এ আই এলগৰিথমৰ জৰিয়তে স্কেন কৰা হয়। বিশেষ সমাধান সুত্রটোৱে সঘনাই আই এম ই আই পৰিবৰ্তনৰ লেখিয়া বিসঙ্গতিবোৰো চিনাক্ত কৰিব পাৰে—উল্লেখ যে এয়া হৈছে প্ৰবঞ্চনামূলক আচৰণৰ প্ৰাথমিক সূচক। এই সুৰক্ষামূলক পদক্ষেপসমূহক ভিত্তি কৰি এয়াৰটেলে গ্ৰাহকসকলক স্পেম আৰু প্ৰবঞ্চনাৰ ভাবুকিৰ ক্ৰমশঃ বিকশিত দৃশ্যপটৰ বিৰুদ্ধে সৰ্বাধিক স্তৰৰ প্ৰতিৰক্ষা লাভ কৰাটো নিশ্চিত কৰি তুলিছে।

Comments (0)
Add Comment