এয়াৰটেলে আজি বাৰ্ষিক গ্ৰাহক দিৱস ২০২৬ পালন কৰি এই দিনটোৰ জৰিয়তে নিজৰ সেৱাৰ মানদণ্ড গ্ৰাহকৰ বাবে অধিক সা-সুবিধাজনক আৰু উন্নত কৰি তুলিবলৈ গুৰুত্ব আৰোপ কৰে। এই বিশেষ দিনটোত প্ৰায় ২০,০০০ এয়াৰটেল কৰ্মচাৰীয়ে গ্ৰাহকৰ ঘৰ, দোকান আৰু খুচুৰা কেন্দ্ৰ ভ্ৰমণ কৰাৰ লগতে উচ্চপদস্থ বিষয়াৰ পৰা আৰম্ভ কৰি ফিল্ড ইঞ্জিনিয়াৰলৈকে সকলোৱে গ্ৰাহকৰ অভিজ্ঞতা উন্নত কৰিবলৈ পোনপটীয়াকৈ গ্ৰাহকসকলৰ সৈতে মত বিনিময় কৰে।ভ্ৰমণৰ সময়ত তেওঁলোকে গ্ৰাহকৰ কোনবোৰ সমস্যা অধিক গুৰুত্বপূৰ্ণ সেই বিষয়ত বিশেষ গুৰুত্ব দিয়ে।
এই পদক্ষেপ সন্দৰ্ভত মন্তব্য কৰি এয়াৰটেল ইণ্ডিয়াৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া শাশ্বত শৰ্মাই কয় যে গ্ৰাহক দিৱস হৈছে গভীৰভাৱে শুনা, নিজকে প্ৰত্যাহ্বান জনোৱা, আৰু জৰুৰীভাৱে কাম কৰাৰ আমাৰ দায়িত্বৰ এক গুৰুত্বপূৰ্ণ সোঁৱৰণী। ই সমস্যা সমাধান, প্ৰক্ৰিয়াসমূহ সুশৃংখলিত কৰা, আৰু আমি প্ৰতিদিনে লাখ লাখ ক্লায়েণ্টক প্ৰদান কৰা সেৱাৰ মান ধাৰাবাহিকভাৱে উন্নত কৰাৰ প্ৰতি আমাৰ সমৰ্পণক শক্তিশালী কৰে।
উল্লেখযোগ্য যে গ্ৰাহকৰ সমস্যা সমূহ পোনপটীয়াকৈ জনা আৰু সমাধান কৰাৰ এয়াৰটেলৰ এই ৰীতি-নীতি আৰু সংস্কৃতি গ্ৰাহকৰ প্ৰথম উদ্ভাৱনৰ কেন্দ্ৰবিন্দু হৈ আহিছে। বিশেষকৈ শক্তিশালী স্পেম আৰু জালিয়াতি সুৰক্ষাৰ পৰা আৰম্ভ কৰি এয়াৰটেল এপৰ জৰিয়তে ডিজিটেল যাত্ৰা আৰু এই আইৰ ব্যাপক প্ৰৱেশাধিকাৰৰ ব্যৱহাৰ সহজ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে।
উল্লেখযোগ্য যে গ্ৰাহক দিৱসে এয়াৰটেলৰ অভিজ্ঞতাৰ উন্নতি যে ক্ষন্তেকীয়া নহয়, ই অবিৰত থাকে এই বিশ্বাসক শক্তিশালী কৰে। সেই অনুসৰি গ্ৰাহকসকলৰ কথা ভালদৰে শুনি আৰু তেওঁলোকৰ মতামতৰ ওপৰত নিৰ্ণায়কভাৱে কাম কৰি কোম্পানীটোৱে প্ৰক্ৰিয়াবোৰ সৰল কৰি, সমস্যা আঁতৰাই নিৰ্ভৰযোগ্য আৰু প্ৰতিক্ৰিয়াশীল সেৱাসমূহ ডিজাইন কৰি আছে। যাৰ জৰিয়তে এয়াৰটেল এনে এটা কোম্পানী হৈ পৰিছে য’ত গ্ৰাহকৰ আৱেগ কেৱল এটা শ্লোগান নহয়, বৰঞ্চ এক সংস্কৃতিৰ দৰে নিৰন্তৰ উন্নতি সাধন কৰে আৰু তেওঁলোকৰ প্ৰতিটো সিদ্ধান্ত যে গ্ৰাহকৰ সৈতে আৰম্ভ আৰু গ্ৰাহকৰ সৈতেই শেষ হয় সেই কথা নিশ্চিত কৰিছে।