গুৱাহাটীত মহিন্দ্ৰা লাষ্ট মাইল মবিলিটিৰ নতুন ডিলাৰশ্বিপ গ্ৰীণ ভেলী অটোৱৰ্কছৰ শুভ উদ্বোধন

মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা (এম এণ্ড এম)ৰ সহযোগী প্ৰতিষ্ঠান মহিন্দ্ৰা লাষ্ট মাইল মবিলিটি লিমিটেডে (MLMML) কালি গুৱাহাটীত তেওঁলোকৰ নতুন ডিলাৰশ্বিপ গ্ৰীণ ভেলী অটোৱৰ্কছ মুকলি কৰে। এই গ্ৰীণ ভেলী অটোৱৰ্কছ গুৱাহাটীৰ জয়নগৰ ত্ৰিপুৰা ৰোড, নেৰিমৰ ওচৰত অৱস্থিত ।
গ্ৰীণ ভেলী অটোৱৰ্কছে সম্পূৰ্ণ বৈদ্যুতিক ট্ৰেঅ’ ৰেঞ্জকে ধৰি এলএমএমৰ সমগ্ৰ প্রডাক্ট বিক্ৰী কৰিব য’ত উপলব্ধ হব- কাৰ্গো, জোৰ গ্ৰেণ্ড ইলেক্ট্রিক কাৰ্গো (Zor Grand electric cargo), ই-আলফা প্লাছ ৰিক্সা/কাৰ্গো (e-Alfa Plus rickshaw/Cargo), জিটো (Jeeto)- পেট্ৰ’ল/ডিজেল/চিএনজি, সৰু বাণিজ্যিক কাৰ্গো – ৪ চকীয়া বাহন, আৰু আলফা ডিজেল/চিএনজি (Alfa diesel/CNG) ৩ চকীয়া বাহন।
এই ডিলাৰশ্বিপে বিক্ৰী আৰু সেৱাৰ বাবে মাহিন্দ্ৰা-প্ৰশিক্ষিত কৰ্মচাৰী, গ্ৰাহকসকলৰ বাবে উৎকৃষ্ট অৰ্থনৈতিক পৰিকল্পনা আৰু লাভজনক বিনিময় সুবিধাৰ প্ৰদান কৰে।ডীলাৰচিপৰ উদ্বোধন এল এম এম ৰ বিক্ৰী, গ্ৰাহক সেবা আৰু বিপণন প্ৰধান – সৌরভ মিশ্ৰা, নেটৱৰ্ক উন্নয়ন আৰু ডীলাৰ সক্ষমতা প্ৰধান – আয়াজ আত্তাৰ, জ’নেল বিজনেছ হেড (পূব) – ত্ৰিভুবন নাথ দুবে, লগতে ডীলাৰ প্ৰিন্সিপল শ্ৰী অভিষেক গোস্বামী আৰু ৰিচা গোস্বামী লগতে চেয়াৰমেন – পুলক গোস্বামীয়ে।

Comments (0)
Add Comment