জি-স্কেলাৰ আৰু ভাৰতী এয়াৰটেলে বিশ্বাসযোগ্য এআই গ্ৰহণ আৰু চাইবাৰ সুৰক্ষাক প্ৰসাৰিত কৰাৰ বাবে এআই আৰু চাইবাৰ থ্ৰেট ৰিচাৰ্চ চেণ্টাৰ মুকলি কৰাৰ কথা ঘোষণা

জি-স্কেলাৰ Inc ক্লাউড সুৰক্ষাৰ ক্ষেত্ৰত আগশাৰীৰ প্ৰতিষ্ঠান আৰু ভাৰতী এয়াৰটেলৰ ভাৰতৰ অন্যতম বৃহৎ টেলিকম সেৱা প্ৰদানকাৰী, সহযোগত AI & Cyber Threat Research Center – India (এআই এণ্ড চাইবাৰ থ্ৰেট ৰিচাৰ্জ চেন্টাৰ – ভাৰত) মুকলি কৰাৰ কথা ঘোষণা কৰে। এই বহু-অংশীদাৰী ডিজিটেল পদক্ষেপে ৰাষ্ট্ৰীয় চাইবাৰ সুৰক্ষাক শক্তিশালী কৰাৰ বাবে, ডিজিটেল ব্যৱহাৰকাৰী আৰু ভাৰতৰ অৰ্থনৈতিক আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে গুৰুত্বপূৰ্ণ খণ্ড, উদ্যোগ, আৰু সম্পত্তি যেনে বেংকিং, শক্তি, আৰু দূৰসংযোগৰ সুৰক্ষা, আৰু সমগ্ৰ দেশৰ দ্ৰুতগতিত বৃদ্ধি পোৱা ডিজিটেল পৰিৱেশ তন্ত্ৰত বিশ্বাসযোগ্য এআই গ্ৰহণ ত্বৰান্বিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।
ইয়াত অৱস্থিত জি-স্কেলাৰৰ গৱেষণা কৰ্মচাৰীৰ এক বৃহৎ অংশৰ বাবে ভাৰত দীৰ্ঘদিন ধৰি কোম্পানীটোৰ প্ৰযুক্তিগত উদ্ভাৱন আৰু চাইবাৰ গৱেষণাৰ এক প্ৰধান কেন্দ্ৰ হৈ আহিছে। গৱেষণা কেন্দ্ৰটো চৰকাৰ, বিশ্ববিদ্যালয়, ৰাজহুৱা খণ্ড, আৰু ব্যৱসায়িক খণ্ডৰ মাজত সহযোগিতাৰ বাবে দেশজোৰা মঞ্চ হ’ব, যাৰ ফলত জি-স্কেলাৰৰ কাৰ্য্যকলাপ সম্প্ৰসাৰিত হ’ব। ভাৰতক বিকশিত ভাৰতৰ দিশত অগ্ৰগতি আৰু শান্তিপূৰ্ণ, সুৰক্ষিত, আৰু ডিজিটেলভাৱে স্বাধীন ভৱিষ্যতৰ প্ৰসাৰৰ উদ্দেশ্যে দেশৰ চাইবাৰ প্ৰতিৰক্ষাক শক্তিশালী কৰাৰ লগতে ভৱিষ্যতৰ বাবে প্ৰস্তুত প্ৰতিভাৰ পাইপলাইন সৃষ্টি কৰাৰ লক্ষ্যৰে “ভাৰতত, ভাৰতৰ বাবে” কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছিল।
ভাৰতে এক প্ৰজন্মৰ ডিজিটেল পৰিৱৰ্তনৰ মাজেৰে আগবাঢ়িছে, ৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্বপূৰ্ণ উদ্যোগসমূহৰ মাজেৰে প্ৰক্ৰিয়া সৃষ্টি কৰিছে, যিয়ে দেশৰ ভাবুকিৰ সংস্পৰ্শৰ ফুটপ্ৰিণ্ট যথেষ্ট বৃদ্ধি কৰিছে। একে সময়তে, ভাবুকিৰ পৰিৱেশটো শীৰ্ষ গতিৰে বিকশিত হৈছে, ৰাজ্যিক পৃষ্ঠপোষকতা কৰা হেকাৰ আৰু আৰ্থিকভাৱে প্ৰেৰিত আক্ৰমণকাৰীয়ে ক্ৰমান্বয়ে এআইৰ সহায় লৈ মিনিটৰ ভিতৰতে দুৰ্বলতাসমূহৰ অনুসন্ধান, লক্ষ্য আৰু বিকাশ ঘটাইছে।
এ আই এণ্ড চাইবাৰ থ্ৰেট ৰিচাৰ্চ চেণ্টাৰ – ভাৰতৰ উদ্দেশ্য চাৰিটা মূল নীতিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে:
1. সুৰক্ষা (Protect): বাস্তৱ-সময়ত ব্যৱহাৰযোগ্য তথ্য প্ৰদান কৰি ভাৰতৰ ৰাষ্ট্ৰীয় চাইবাৰ স্থিতিস্থাপকতা আৰু ডিজিটেল-প্ৰথম ব্যৱসায়সমূহক অধিক শক্তিশালী কৰা।
2. প্ৰতিকাৰ (Remediate): চৰকাৰী সংস্থাসমূহৰ সৈতে পোনপটীয়াকৈ সহযোগিতা কৰি চাইবাৰ আক্ৰমণ নিষ্ক্ৰিয় কৰা আৰু আগন্তুক আক্ৰমণ প্ৰতিৰোধ কৰা।
3. সহায় (Facilitate): আধুনিক সুৰক্ষা কাঠামোৰ গ্ৰহণ বৃদ্ধি কৰা, বিশেষকৈ এআই-চালিত সুৰক্ষা ব্যৱস্থা আৰু Zero Trust স্থাপত্যৰ ওপৰত গুৰুত্ব দি।
4. গঢ়ি তোলা (Build): বিশেষ এআই আৰু Zero Trust প্ৰমাণপত্ৰৰ জৰিয়তে চাইবাৰ সুৰক্ষা দক্ষতাসম্পন্ন জনবল গঢ়ি তুলি, ৰাষ্ট্ৰীয় দক্ষতা-অভাৱ দূৰ কৰা।
‘এয়াৰটেলত আমি আমাৰ গ্ৰাহক আৰু ভাৰতৰ ডিজিটেল ব্যৱস্থাক সুৰক্ষা প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।জি-স্কেলাৰৰ সৈতে আমাৰ অংশীদাৰিত্বই এই প্ৰতিশ্ৰুতিক শক্তিশালী কৰে। আমাৰ এআই সামৰ্থ্য আৰু বৃহৎ পৰিসৰৰ চাইবাৰ সুৰক্ষা গৱেষণাৰ সংমিশ্ৰণেৰে আমি ভাৰতৰ ক্ৰমবৰ্ধমান ডিজিটেল পৰিৱেশ তন্ত্ৰক সুৰক্ষিত কৰাৰ লক্ষ্য ৰাখিছো, আমি ভাৰতৰ বাবে নিৰ্দিষ্ট প্ৰত্যাহ্বানসমূহ সমাধান কৰাত মনোনিৱেশ কৰিম যাতে এখন সুৰক্ষিত আৰু শক্তিশালী ডিজিটেল ৰাষ্ট্ৰ গঢ়ি তোলা হয়, য’ত মানুহ আৰু ব্যৱসায়ীসকলে সংযোগ স্থাপন আৰু বৃদ্ধি পাব পাৰে আমাৰ গৱেষণাভিত্তিক প্ৰতিৰোধমূলক ব্যৱস্থাই ডিজিটেল প্লেটফৰ্মত নিৰাপদ আৰু সুৰক্ষিত পাৰস্পৰিক ক্ৰিয়া-কলাপকো প্ৰসাৰিত কৰিব”ভাৰতী এয়াৰটেলৰ কাৰ্যবাহী উপ-সভাপতি গোপাল ভিট্টলে কয়।
“ভাৰত এতিয়া এটা বিশাল জনসংখ্যাৰ বাবে অত্যন্ত ডাঙৰ পৰিসৰত ডিজিটেল ব্যৱস্থা গঢ়ি তুলিছে। পুৰণি সুৰক্ষা ব্যৱস্থা আৰু ভিপিএন সমূহ আজিৰ অতি সংযুক্ত বিশ্বৰ বাবে নিৰ্মাণ কৰা হোৱা নাছিল। এনে এটা ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ডিজিটেল ব্যৱস্থাক সুৰক্ষিত কৰিবলৈ, আমাক মৰ্ডাণ জিৰ’ ট্ৰাষ্ট চিকুউৰিটি দৰে এটা আধুনিক পদ্ধতি লাগে যিয়ে, আৰম্ভণিৰ পৰাই সুৰক্ষিতভাৱে ডিজাইন কৰা সুৰক্ষা পদ্ধতি । এআই এণ্ড চাইবাৰ থ্ৰেট ৰিচাৰ্জ চেন্টাৰ – ভাৰত ৰ জৰিয়তে, আমি পৃথিৱীৰ সৰ্ববৃহৎ সুৰক্ষা ক্লাউডৰ শক্তি ব্যৱহাৰ কৰি চৰকাৰী আৰু বেচৰকাৰী দুয়োটা খণ্ডক সুৰক্ষা প্ৰদান কৰিম। প্ৰতিদিনে ৫০০ বিলিয়ন লেনদেনৰ পৰা লাভ কৰা তথ্য আৰু স্থানীয় অভিজ্ঞতা একেলগ কৰি, আমি কেৱল হুমকিৰ বাবে প্ৰস্তুতি লৈ থকা নাই—আমি আগন্তুক প্ৰজন্মৰ চাইবাৰ সুৰক্ষা বিশেষজ্ঞসকলক প্ৰশিক্ষণ আৰু সহায় আগবঢ়াই, আক্ৰমণকাৰীৰ আগত আগবাঢ়ি থাকিবলৈ সক্ষম কৰি তুলিছো
অধিক তথ্যৰ বাবে এআই এণ্ড চাইবাৰ থ্ৰেট ৰিচাৰ্চ চেণ্টাৰলৈ যাওক আৰু ভাৰতৰ বিকশিত চাইবাৰ থ্ৰেট লেণ্ডস্কেপৰ ওপৰত গভীৰ তথ্য আৰু ব্যৱহাৰিক নিৰ্দেশনাৰ বাবে ই-বুক ‘চিকিউৰিং ডিজিটেল ইণ্ডিয়া এগেইনষ্ট চাইবাৰ থ্ৰেটছ’ ডাউনলোড কৰক।

Comments (0)
Add Comment