টপচেম চিমেণ্টে অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত মুকলি কৰিলে ঢালাই চিমেণ্ট

উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম অগ্ৰণী চিমেণ্ট নিৰ্মাতা উদ্যোগ টপচেম চিমেণ্ট আজি উত্তৰ পূৰ্বাঞ্চলৰ একক গৃহ নিৰ্মাতা আৰু আন্তঃগাঁথনি তথা নিৰ্মাণ খণ্ড বাবে ছলিড ঢালাই চিমেণ্ট শীৰ্ষক এক উদ্ভাৱনী চিমেণ্ট মুকলি কৰিছে।
 
 
 
 
মেঘালয়ৰ চিমেণ্টছ লিমিটেড সঞ্চালক কৈলাশ চন্দ্ৰ লোহিয়া আৰু পৰিচালক বজৰং লোহিয়া তথা অন্যান্য কৰ্মচাৰীৰ উপস্থিতিত এই ছলিড ঢালাই চিমেণ্ট মুকলি কৰে।এই সম্পৰ্কত কৈলাশ লোহিয়াই সামগ্ৰী বিধৰ বিষয়ে কয় যে প্ৰথমবাৰলৈ আমি এক নতুন প্ৰিমিয়াম সামগ্ৰী মুকলি কৰিছো, যি অধিক শক্তিশালী, অধিক ব্যাপক তথা আৰ্দ্ৰতা আৰু টেম্পাৰমুক্ত বি’অপিপি বেগত এন্টি ৰাষ্ট্ বৈশিষ্টসমৃদ্ধ দ্ৰুত ছেটিঙৰ সৈতে উপলব্ধ।
 
 
সামগ্রী বিধ মুকলি কৰি বজৰং লোহিয়াই কয় যে যিকোনো নিৰ্মাণ কাৰ্য্যৰ প্ৰয়োজনীয়তা হ’ল স্থায়ী আৰু দীৰ্ঘম্যাদি গাঁথনি প্ৰস্তুত কৰা আৰু ইয়াৰ বাবে শক্তিশালী তথা স্থায়ী কংক্ৰিটৰ প্ৰয়োজন। আৰু গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ সামগ্ৰীবিধ মুকলি কৰিব পায় আমি সুখী অনুভৱ কৰিছোঁ।
 
 
 
এই চিমেণ্ট বিধ উচ্চ গুণগতমানৰ ক্লিংকাৰ আৰু বিশেষ সংযোগ পদাৰ্থৰে প্ৰস্তুত কৰা হৈছে।যি অতিশয় শক্তিশালী আৰু স্থায়ী । টপটেম ছলিড ঢালাই চিমেণ্ট অধিক বিস্তৃতি,অধিক শক্তি চিমেণ্ট কম পৰিমাণে ব্যৱহাৰ কৰি উচ্চমানৰ ব্ৰেইন আৰু মসৃণতা জৰিয়তে ঈন্সিত শক্তি প্ৰদান কৰে। ইয়াৰ আৰু এটা বৈশিষ্ট্য হ’ল ক্ষয় ৰোধকতা যিয়ে কংক্ৰিটত তীখাৰ পৃষ্ঠক মামৰে ধৰাব পৰা প্ৰতিৰোধ কৰে।

Comments (0)
Add Comment