পপ কালচাৰৰ আকৰ্ষণীয় উদযাপনেৰে গুৱাহাটী কমিক কনৰ উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত

গুৱাহাটী কমিক কনৰ প্ৰথম সংস্কৰণত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ ১৫,০০০ৰো অধিক দৰ্শকৰ সমাগম হয়। দুদিনীয়া কাৰ্যসূচীৰে ২২ আৰু ২৩ নৱেম্বৰত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া পৰিসৰত অনুষ্ঠিত এই উৎসৱ কমিক ৰিডাৰছ্, ক্ৰিয়েটৰছ্, ইলাষ্ট্ৰেটৰছ্, কছপ্লেয়াৰ, এনিমীপ্রেমী আৰু পপ কালচাৰৰ অনুৰাগীসকলৰ বাবে এক মিলনভূমিত পৰিণত হয়।

অনুষ্ঠানৰ দ্বিতীয় দিনটোত বিভিন্ন আকর্ষণীয় কাৰ্যসূচীৰ আয়োজন কৰা হয়। ইয়াৰ ভিতৰত ‘অমৰ চিত্র কথা’ৰ ৪৫ সংখ্যক বৰ্ষপূৰ্তি যাত্ৰাৰ অংশ হিচাপে অনুষ্ঠিত বিশেষ কাৰ্যসূচীত ইয়াৰ ঐতিহ্য আৰু সাংস্কৃতিক প্ৰভাৱৰ বিষয়ে আলোকপাত কৰা হয়। উক্ত দিনাই খাইৰুন্নিছা এ আৰু অভিজিৎ কিনিৰ ‘ৱৰ্ল্ড অৱ বাটাৰফিংগাৰ্ছ ভলিউম ২’ৰ উন্মোচন তথা নিখিল কামাথ আৰু অভিজিৎ কিনিৰ জলবায়ু পৰিৱর্তনক কেন্দ্ৰ কৰি সৃষ্টি কৰা ইণ্ডি কমিক ‘হোৱেৰ উই লেফট অফ’-ৰ মুকলি অনুষ্ঠানো আয়োজন কৰা হয়।

টিংকলৰ উইংষ্টাৰৰ কাৰ্যকলাপে অংশগ্ৰহণকাৰীসকলৰ মাজত আনন্দৰ খোৰাক জগায়। আৰ্চি কমিক্সৰ কিংবদন্তী শিল্পী বিল গোলিহাৰে সহশিল্পীসকলৰ সৈতে এখন শিল্পী অধিৱেশনত অংশ লৈ লাইভ স্কেচ, কাহিনী বৰ্ণনা আৰু অভিজ্ঞতাৰ বিষয়ে সুন্দৰভাৱে ব্যক্ত কৰি সকলোকে মুগ্ধ কৰে।

‘ওৱান্স ফ্লাই ৰক’-এ জুবিন গাৰ্গলৈ আগবঢ়োৱা শ্ৰদ্ধাঞ্জলিৰ দৃশ্যটো হৃদয়স্পৰ্শী আছিল। ষ্টেণ্ড-আপ কমেডিয়ান অনিৰ্বাণ দাশগুপ্তই হাস্যৰসেৰে দর্শকক আমোদ দিয়ে। জনপ্ৰিয় শিল্পী ই পি আৰ আয়াৰে ৰেপ, কবিতা আৰু বিভিন্ন আমোদজনক কথাৰে দৰ্শকৰ হৃদয় জয় কৰে।

দুদিনীয়া এই উদযাপন কাৰ্যসূচী গুৱাহাটী কমিক কনৰ আকর্ষণীয় কছপ্লে প্ৰতিযোগিতা ‘ইণ্ডিয়ান চেম্পিয়নশ্বিপ অৱ কছপ্লে ২০২৬, গুৱাহাটী’-ৰ বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে সমাপ্তি ঘটে। বহু কছপ্লেয়াৰে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত ‘নিক্কে’ চৰিত্ৰত অভিনয় কৰি আৰ্ছি দেউৰীয়ে ৫০,০০০ টকাৰ নগদ ধন, আকৰ্ষণীয় পুৰস্কাৰ আৰু পৰৱৰ্তী পৰ্যায়ৰ বাবে বাছনি লাভ কৰে।

গুৱাহাটী কমিক কনৰ সমাপ্তি ঘটাৰ লগে লগে ৫-৭ ডিচেম্বৰ ২০২৫ত অনুষ্ঠিত হ’বলগীয়া দিল্লী কমিক কনৰ প্ৰতি সকলোৰে উৎসাহ বৃদ্ধি পাইছে।

Comments (0)
Add Comment