বিশাল ব্যক্তিত্বৰ গৰাকী অন্যতম মচফিকা হুছেইন

মানুহ যিমানেই সুন্দৰ নহওক কিয়, বাহ্যিক যিমানেই দেখনিয়াৰ নহওক কিয় আভ্যন্তৰীণ সৌন্দৰ্য্য আত্মাৰ সৌন্দৰ্য্যৰ অবিহনে সেই সৌন্দৰ্য্য যেন কোনো মূল্য নাই। মন অথবা আত্মাৰ সৌন্দৰ্য্য নাথাকিলে বাহ্যিকভাবে মোহনীয় এগৰাকী নাৰীক প্ৰকৃত সুন্দৰী নাৰী বুলি ক’ব নোৱাৰি। এই মন্তব্য এগৰাকী সৌন্দৰ্য্য বিশেষজ্ঞ মচফিকা হুছেইনৰ। আচলতে মচফিকা হুছেইন কেৱল সৌন্দৰ্য্য বিশেষজ্ঞায়ে নহয় তেখেতে এগৰাকী সমাজ সেবীও। তেখেতৰ বিষয়ে জনাৰ আগতে আহকচোন পৰিচয় হৈ লওঁ।

তেখেত মচফিকা হুছেইন। ঘৰ মহানগৰীৰ ভঙাগড়ত। ৰ্বত্তমান  তেখেতে Sahanaz Mosfica Ladies Beauty Clinic স্বত্বাধিকাৰী। তেখেত এসময়ৰ এগৰাকী জিলা পয্যাৰ্য়ৰ ক্ৰিকেট খেলুৱৈ আছিল। কিন্তু বৈবাহিক জীৱনৰ নানান কাৰণৰ তাগিদাত তেখেতে খেলুৱৈ জীৱন পৰিসমাপ্তি ঘটায়। এই সম্পৰ্কে মচফিকা হুছেইন আমাক এনেদৰে কয়- মই উচ্চতৰ মাধ্যমিক পঢ়ি থাকোতেই বিয়া হ’লো। খেলুৱৈ জীৱন বিয়াৰ পাছতে পৰিসমাপ্তি ঘটালো। মোৰ গৃহস্থৰ অনুগ্ৰহত সৌন্দৰ্য্য সম্পৰ্কীয় পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈ লণ্ডনত যাওঁ। লণ্ডনত আ. টি. ই. চি ৰ অধীনত Post Graduate সৌন্দৰ্য্য সম্পৰ্কীয় পাঠ্যক্ৰম অধ্যয়ন কৰো। ইয়াৰ পিছতে ঘৰলৈ আহি ঘৰৰে দ্ৰয়িং ৰুমতে পোন প্ৰথমে পাৰ্লাৰ আৰম্ভ কৰো| গ্ৰাহকৰ পৰা খুৱেই ভাল সহাঁৰি পোৱাৰ পৰিপ্ৰেক্ষিতত লাহে লাহে পাৰ্লাৰ ব্যৱসায়তো সম্প্ৰাসাৰণ কৰো আৰু খুব  ভালদৰে আমাৰ ব্যৱসায়তো বৰ্ত্তমানলৈকে চলি আছে। আমাৰ পাৰ্লাৰত বিউটিচিয়ান পাঠ্যক্ৰম প্ৰশিক্ষণ প্ৰদান কৰো। ইতিমধ্যে আমাৰ পাঠ্যক্ৰম গ্ৰহণ কৰি বহু অসমৰ লগতে ডুবাই, কানাডা, আদিত প্ৰতিষ্ঠাত হৈছে।

উল্লেখযোগ্য যে মচফিকা হুছেইন Mosfica Woman Welfare Society ৰ নামেৰে এটা বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনৰ লগতো জড়িত। এই সংগঠনটোৰ জড়িয়তে অসমৰ বিভিন্ন গাও্ঁ অঞ্চলৰ দৰিদ্ৰ সীমা ৰেখাৰ লোক সকলক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে দুখীয়া ছাত্ৰ-ছাত্ৰীক পঢ়াৰ খৰচ বহন কৰে। মন কৰিবলগীয়া কথা এই যে সংগঠনটোৰ পৰা Great Woman Award দি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা মহিলা সকলক উৎসাহ যোগোৱা হয়। এইবাৰো আহা ২৪ আগষ্ট Hotel Gateway Grandeur এনে এক অনুষ্ঠান আয়োজন কৰা হৈছে বুলি আয়োজকে জানিবলৈ দিছে। মচফিকা হুছেইন ৰেইকিৰ জৰিয়তে বিভিন্ন ৰোগৰ চিকিৎসা সেৱা আগবঢ়াই বহুজন লোকক আৰোগ্য কৰি তুলিছে। বৰ্ত্তমান হুছেইন ৰেইকিৰ গ্ৰেণ্ড মাষ্টাৰ হিচাপে পৰিচিত । অসমৰ বিভিন্ন ঠাইত ৰেইকিৰ কৰ্মশালা অনুষ্ঠিত কৰি সেৱা আগবঢ়াই আহিছে। বহুমুখী ব্যক্তিত্ব অধিকাৰী এই গৰাকী সমাজসেৱী নাৰী হাজাৰ জনৰ অনুপ্ৰেৰণাৰ উৎস হৈ ৰওক ।

Comments (1)
Add Comment