গান্ধী জয়ন্তীৰ বিশেষ -গান্ধী দৰ্শনৰ প্ৰাসংগিকতাৰে

আজি ২অক্টোবৰ।জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্ম দিন।১৮৬৯চনৰ আজিৰ দিনটোতে গুজৰাটৰ পুৰবন্দৰত গান্ধীজীয়ে জন্মগ্ৰহণ কৰিছিল ।গান্ধী কোন আৰু তেখেতৰ কৰ্মজীৱন কেনে আছিল এই বিষয়ে সকলোৱে কম বেছি পৰিমাণে জ্ঞাত।সত্য আৰু অহিংসাৰ বাণীৰে গান্ধীয়ে সকলোৱে অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল ।যাৰ বাবে আজি সমগ্ৰ দেশবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে।তেখেতৰ জীৱন দৰ্শনত প্ৰতিফলিত হৈছিল এক বিশেষ ব্যক্তিত্ব ।সেয়েহে তেখেতে কৈছিল ব্যক্তিত্বৰ মাপ চৰিত্ৰহে নিৰূপণ কৰে, কাপোৰেৰে নহয় ।বিশেষকৈ সময়ৰ মূল্য বুজি পাইছিল।জীৱনৰ প্ৰতিটো মুহুৰ্তক গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰিছিল ।বেয়া নক’ব,বেয়া নুশুনিব আৰু বেয়া নেচাব এই নীতিক বিশ্বাস কৰিছিল।বিশেষকৈ স্বাধীনতা আন্দোলনৰ সময়ত সমগ্ৰ দেশবাসীৰ মাজত অহিংসাৰ বাণী বিলাইছিল।স্বদেশী বস্তু ব্যৱহাৰ কৰিবলৈ জনসাধাৰণক সজাগ কৰি তুলিছিল। তেখেতে ভাৰতীয় দৰ্শনৰ উপৰিও প্ৰাচ্য দৰ্শনক বিশ্বাস কৰিছিল।এয়া আছিল গান্ধী দৰ্শনৰ কেইটামান গুৰুত্বপূৰ্ণ বিষয় ।এই ধৰণৰ লেখাৰ বাবে লগ ইন কৰিবলৈ নাপাহৰিব এন ই ফ’কাচ কমক ।

Comments (0)
Add Comment