গান্ধী জয়ন্তীৰ বিশেষ লেখা-জাতিৰ পিতাৰ কিছু আদৰ্শ

আজি গান্ধী জয়ন্তী| মহামানৱ মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী| দেশৰ স্বাধীনতা আন্দোলনৰ অন্যতম হোতা গৰাকীয়ে অহিংসা বাণীৰে দেশবাসীক একত্ৰিত কৰি তুলিছিল|স্বদেশী বস্তুৰ প্ৰচলন ,বৰ্ণ বৈষম্যতাৰ বিৰুদ্ধে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছিল|বিশেষকৈ স্বচ্ছতাৰ ওপৰত সচেষ্ট আছিল|স্বচ্ছ ভাৰত নিৰ্মাণ কৰা তেখেতৰ এক প্ৰকাৰৰ সপোন আছিল|বাইবেলৰ বাণীৰ দ্বাৰা অনুপ্ৰাণিত হৈ মানৱ সমাজক এনেধৰণৰ বাণী বিলাইছিল,তেখেতে কৈছিল তোমাৰ বিশ্বাসেই ভাৱনাক জন্ম দিয়ে,তোমাৰ ভাৱনাই শব্দক জন্ম দিয়ে,তোমাৰ শব্দই কাৰ্যক জন্ম দিয়ে,তোমাৰ কাৰ্যই অভ্যাসক জন্ম দিয়ে,তোমাৰ অভ্যাসে প্ৰমূল্যবোধৰ জন্ম দিয়ে,আৰু প্ৰমূল্যবোধেহে লক্ষ্যত উপনীত কৰে|যদি তুমি সমাজখনকলৈ সুখী নহয়,তেতিয়া নিজেই শুদ্ধৰাবলৈ চেষ্টা কৰা,বেলেগলৈ অপেক্ষা নকৰিবা|যদি পৃথিৱীৰ প্ৰকৃত শান্তি বিচৰা ,সেইয়া শিশুৰ মাজত বিচাৰিবা|এনে ধৰণৰ বাণীৰে সমাজত আদৰ্শ প্ৰতিষ্ঠা কৰা মহামানৱ গৰাকীৰ জন্ম জয়ন্তীত শ্ৰদ্ধাৰে সুৱৰিছো|

Comments (0)
Add Comment