অসমীয়া জাতীয় কৃষ্টিৰ প্ৰাণ প্ৰতিষ্ঠাতা গুৰু দুজনাৰ অন্যতম হ’ল মাধৱদেৱ। জগতগুৰু শংকৰদেৱৰ প্রিয় শিষ্য মাধৱদেৱে অসমীয়া কৃষ্টি সংস্কৃতিৰ বৰপেৰাটো চহকী কৰি থৈ গৈছে। বৰগীত, নাটক, ঝুমুৰা, নামঘোষা আদিৰ সৃষ্টিয়ে অসমীয়া সংস্কৃতিক সমৃদ্ধিশালী কৰি থৈ গৈছে। সেয়েহে নামঘোষা প্ৰত্যেকটো নামঘৰৰ অমূল্য সম্পদ হিচাপে পৰিগণিত হৈছে। জীৱনৰ আদি কালছোৱাত মাধৱদেৱ শাক্ত পন্থী আছিল যদিও যুক্তিত হাৰি শংকৰদেৱৰ শিষ্য হৈ পৰে আৰু বৈষ্ঞৱ ধৰ্ম গ্ৰহণ কৰে। মাধৱ দেৱৰ বৰগীত বোৰত শিশু কৃষ্ঞৰ ল’ৰালি কালৰ বাচ্ছিল্য ভাব প্ৰকাশিত হয়। শংকৰদেৱ আৰু মাধৱদেৱৰ আদৰ্শৰে আজিও সত্ৰবোৰ পৰিচালিত হৈ আহিছে। আচলতে সত্ৰ সমূহে পূৰ্বৰ পৰম্পৰা আজিও অক্ষুন্ন ৰাখিছে। যাৰ ফল স্বৰূপে সত্ৰীয়া সংস্কৃতি বুলি এক পৰিচয় আছে৷ অসমীয়া সংস্কৃতিৰ ধাৰক বাহক মাধৱদেৱৰ জন্ম তিথিত একলম লিখি শ্ৰদ্ধাৰে সোঁৱৰিছো।