জনপ্রিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আজি প্ৰথম মৃত্যু বাৰ্ষিক

আজি ১৪ জুন।জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ প্ৰথমটো মৃত্যু বাৰ্ষিকী।আজি দিনটো সুশান্তৰ অনুৰাগী সকলৰ বাবে অতি বেদনাদায়ক দিন।আজিৰ দিনটোক কেন্দ্ৰ কৰিয়ে সুশান্তৰ অনুৰাগী সকলে কালিৰে পৰা চ’চিয়েল মেডিয়াত শোক প্ৰকাশ কৰা অথবা স্মৰণ কৰা দেখা গৈছে।কোনোৱে গানেৰে, কোনোৱে ছবিৰে শ্ৰদ্ধাঞ্জলি নিবেদিছে।আনহাতে সুশান্ত প্ৰেয়সী অংকিতা লখণ্ডে ঘৰতে প্ৰাৰ্থনা কৰি ইনষ্টাগ্ৰামত পোষ্ট শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে।উল্লেখযোগ্য যে পবিত্ৰ ৰিষ্টা নামৰ ধাৰাবাহিক খনৰ অংকিতাই সহ অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল।সুশান্তৰ মৃত্যুৱে এবছৰ অতিক্ৰম কৰিলে যদিও অভিনেতা জনৰ মৃত্যু আজিও ৰহস্য হৈয়ে থাকিল!

Comments (0)
Add Comment