অসম আৰু অসমীয়া সংস্কৃতিৰ ৰূপৰেখা ডাল নিৰূপন কৰে জাতীয় উদাৰতাবাদে।কথাষাৰ বহুতৰ বাবে গ্ৰহণযোগ্য নহ’লেও এই কথা দকৈ গমি চালে সত্য বুলি প্ৰমাণিত হ’ব।ধৰ্মীয় পৰম্পৰা তথা বিশ্বাসে মানুহক অনুশাসিত কৰি শৃংখল কৰি তোলে।কোনো এটা ধৰ্মক বিশ্বাস কৰা মানে অন্য এটা ধৰ্মক হেয় দৃষ্টিৰে চোৱা নহয় ।ঠিক সেইদৰে বেলেগৰ সংস্কৃতিক অনুকৰণ কৰা মানে নহয় যে নিজৰ সংস্কৃতিক পাহৰি যোৱা।আচলতে মনৰ দৃষ্টি আৰু জ্ঞানৰ পৰিসৰৰ বাবে বহু সময়ত বেলেগক অনুকৰণ কৰাটো প্ৰয়োজনীয় হৈ পৰে।কোনোবাই এষাৰ কথা কোৱা মনত আছে যে আমি হেনো বেলেগৰ পৰা ভালতকৈ বেয়া খিনিহে আদৰি লও।বেয়াখিনিহে গ্ৰহণ কৰো, তাকো নিজক পাহৰি।এই ক্ষেত্ৰত বিজ্ঞজনে কয় বেয়াৰ পৰা ভালেখিনি গ্ৰহণ কৰাটোহে প্ৰকৃত মানুহ লক্ষণ।আজি সমগ্ৰ দেশতে ষট্ পূজা পালন হ’ল।ষট্ পূজা হিন্দু ধৰ্মৰ লোকসকলৰ অন্যতম উপাসক দেৱতা সূৰ্য্যক পূজা কৰি ষট্ দেৱীক পূজা কৰা হয়।পূজাৰ মহত্ব অথবা পৰম্পৰা যিয়েই নহওক কিয় এই পূজাই ধৰ্মীয় পৰম্পৰাক প্ৰতিনিধিত্ব কৰিছে।সংস্কৃতি বিভিন্ন হ’লেও এনে ধৰ্মীয় অনুষ্ঠানে প্ৰাচীন বিশ্বাসক সুঁৱৰাই দিয়ে।অসমীয়া সংস্কৃতিৰ ঘাই শিপাডাল তেতিয়াহে জীয়াই থাকিব যেতিয়া আমাৰ মানসিক দৃষ্টিভংগী সলনি হ’ব।সকলোকে সম বুলি ভাবিম।