দেশৰ স্বাৰ্থত একত্ৰিত হ’ল উত্তৰ পূবৰ ৰাজনৈতিক দল

নাগৰিকত্ব সংশোধনী বিধেয়কক বিৰোধিতা কৰি বৈঠকত মিলিত হ’ল উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজনৈতিক দল।আজি তাজ ভিভাণ্টাত অনুষ্ঠিত কৰা এক সংবাদ মেলত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাদ চাংমাই কয় যে কোনো ৰাজনৈতিক কাৰণত আমি ইয়াত এনেদৰে মিলিত হোৱা নাই ।উত্তৰ পূবৰ নাগৰিকৰ স্বাৰ্থত মিলিত হৈছো।নাগৰিকত্ব সংশোধনী বিধেয়কক বিৰোধিতা কৰি ত্ৰিপুৰাৰ এন চি দেৱবৰ্মাই কয় যে আমি নিবিচাৰো ত্ৰিপুৰাৰ দৰে অসমতো এনে পৰিস্থিতি উদ্ভৱ হওক।এনে ধৰণৰ বিধেয়কে খিলঞ্জীয়া নাগৰিকৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিব ।আনহাতে অসম গণ পৰিষদৰ অতুল বৰাই মন্তব্য কৰে যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আমি জনসাধাৰণৰ পক্ষত থিয় হৈছো।সকলোৰে একতাৰে যুঁজিবলৈ আগবাঢ়িছো।উল্লেখযোগ্য যে আজিৰ বৈঠকখনত উত্তৰ পূৰ্বাঞ্চলত ১১টা ৰাজনৈতিক দলে অংশগ্ৰহণ কৰে।

Comments (0)
Add Comment