মাঘ বিহুৰ কিছু ইতিবাচক চিন্তা

মাঘ বিহুলৈ মাত্ৰ এটা দিন বাকী আছে। সা-সামগ্ৰীৰ অত্যাধিক মূল্যই প্ৰতিজন গ্ৰাহকক জুৰুলা কৰি তোলা সময়তে সকলোবোৰ উভয়নদী হৈ পৰিছে। কৃষক ৰাইজে লখিমী চপাই ভঁৰাল ভৰাই তুলিছে। কাৰণ এয়া মাঘৰ সময়, ভোগালীৰ সময়। মাঘ বিহু প্ৰধানকৈ কৃষিভিত্তিক উৎসৱ যদিও মাঘ বিহুৰ লগত অগ্নিপূজা সম্পৰ্কিত। এই সময়তে বিভিন্ন ৰাজ্যত মাঘৰ দোমাহিৰ দিনা বিভিন্ন নামেৰে বিভিন্ন উৎসৱ উদযাপন হয়। অৱশ্যে প্ৰতিটো উৎসৱৰ ৰীতি নীতি বিভিন্ন ধৰণৰ হ’লেও অগ্নিপূজাক মূখ্য ৰূপে গণ্য কৰা হয়।

যুগৰ পৰিবৰ্তনৰ তাগিদাত মাঘ বিহুৰ বহুতো পৰিবৰ্তন আহিল। বিহুৰ সময়ত অসমৰ বিভিন্ন প্ৰান্তত উদযাপিত মেলা, উৎসৱে নকৈ কিছু বছৰৰ পৰা একাংশক স্বাৱলম্বী কৰি তুলিছে। এনেধৰণৰ মেলা বা উৎসৱ পাৰ্বনকলৈ একাংশই ব্যৱসায়িকভাৱে সফল আৰু কিছু স্বচ্ছল হৈ পৰিছে। এইখিনিতে পৰিলক্ষিত হোৱা আন এখন প্ৰতিচ্ছবি হ’ল প্ৰতিযোগিতামূলক বজাৰ ব্যৱস্থাত পৰিপেক্ষিতত অধিকাংশ ব্যৱসায় তিস্তি থাকিব পৰা নাই। ইয়াৰ প্ৰকৃত কাৰণটো হ’ল সঠিক পৰিমাণৰ মূলধনৰ অভাৱ।

মই ভাবো স্থানীয়ভাবে বজাৰত উপলব্ধ হোৱা পিঠা-পনাবোৰ যদি দীৰ্ঘদিনৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিব পৰা যায়। তেনেহ’লে নিশ্চয়কৈ কেৱল ৰাজ্যতে নহয়, বিদেশৰ বজাৰতো পিঠাৰ চাহিদা বৃদ্ধি পাব। জানি সুখী হ’ব যে, আমাৰ অসমৰ টেকেলি পিঠাটোৰ আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত যথেষ্ট সমাদৰ আছে। মানুহে আদৰি লৈছে। যিবোৰ ব্যৱসায় উৎপাদনৰ দ্বাৰা কৃষক ৰাইজ সৰ্বাধিকৰূপে লাভম্বিত হয়। তেনেবোৰ বিষয়ত অধিক গুৰুত্ব আৰোপ কৰিব লাগে।

মহানগৰীৰ বজাৰত এইবাৰ দেখা গৈছে দৰং, মঙ্গলদৈৰ পৰা অহা দুগ্ধজাত সামগ্ৰীৰ পয়োভৰ। জানিবপৰামতে দৰং, মঙ্গলদৈ অঞ্চলত দুগ্ধজাত সামগ্ৰী অধিক হাৰত উৎপাদন হোৱাৰ ফলশ্ৰুতিত এনে প্ৰতিচ্ছবি পৰিলক্ষিত হৈছে। ই দুগ্ধ উদ্যোগৰ বাবে শুভ লক্ষণ। চৰকাৰে সংৰক্ষণৰ প্ৰক্ৰিয়াৰ সম্পৰ্কে গুৰুত্ব আৰোপ কৰিলে নিশ্চয়কৈ অসমীয়া জা-জলপান, পিঠা-পনাই আন্ত:ৰাষ্ট্ৰীয় বজাৰত ফেৰ মাৰিবলৈ সক্ষম হ’ব।

এয়া আছিল মাঘ বিহুৰ সমসাময়িক বজাৰ ব্যৱস্থাৰ কিছু প্ৰাসংগিক ইতিবাচক চিন্তা। পৰবৰ্তী লেখাত মাঘৰ বিহুৰ পৰম্পৰা , লোকাচাৰ সন্নিবিষ্ট কৰা হ’ব। তাৰ বাবে চাই থাকিব nefocus.com।

Comments (0)
Add Comment