মাতৃ ভাষা দিৱসৰ বিশেষ লেখা -ভাষাই সমন্বয় গঢ়ে

আজি আন্তঃজাৰ্তিক মাতৃভাষা দিৱস ।১৯৯৯ চনৰ পৰা এই দিৱস আন্তঃজাৰ্তিক ভাৱে উদযাপিত হৈ আহিছে ।এই দিৱস পালনৰ উদ্দেশ্যে হৈছে ভাষাৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰা।আজি সমগ্ৰ দেশৰ ২২ টা চৰকাৰী স্বীকৃত ভাষাই এই দিৱস উদযাপন কৰিছে।২০১৯বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসৰ থিম হ’ল থলুৱা লোক সকলৰ উন্নয়ন, শান্তি, সমন্বয় বৰ্তাই ৰখা।আমাৰ মাতৃভাষা হ’ল অসমীয়া ।আমি প্ৰত্যেকেই আমাৰ মাতৃভাষাক শ্ৰদ্ধা কৰিব লাগে ।কিয়নো মাতৃভাষাৰ হ’ল আইৰ মুখৰ ভাষা।ই আমাৰ অস্তিত্বক প্ৰতিনিধিত্ব কৰে।থলুৱা জনসাধাৰণৰ মাজত পৃথকতা নোহোৱা কৰে।কিন্তু পৰিতাপৰ কথা যে নৱপ্ৰজন্মৰ মাজত অসমীয়া ভাষা ব্যৱহাৰকাৰীৰ সংখ্যা পূৰ্বৰ তুলনাত হ্ৰাস পাইছে ।চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত অসমীয়া ভাষা ব্যৱহাৰকাৰীৰ সংখ্যা নগণ্য ৰূপতে পৰিলক্ষিত হৈছে ।এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ কৰণীয় আছে।আনহাতে ইউৰিক’ডত অসমীয়া ভাষা ব্যৱহাৰৰ সুবিধাই ভাষাক বিশ্বজনীন কৰি তুলিছে ।

Comments (0)
Add Comment