মানুহ জীৱ শ্ৰেষ্ঠ প্ৰাণী। জ্ঞানে মানুহক আন সকলো জীৱতকৈ পৃথক কৰি ৰাখিছে। সততা, দয়া আৰু ক্ষমা গুণে মানুহক সুকীয়া মৰ্য্যদা প্ৰদান কৰি আহিছে। অৰ্থাৎ লোভ, মোহ, কাম,ক্ৰোধ সকলো পৰিত্যাগ কৰি জীৱন নিৰ্বাহ কৰিব পৰা জনে প্ৰকৃত মানৱ। যিটো সময়ত ৰাজ্যখনৰ সৰ্বত্ৰে হত্যা, হিংসা, লুণ্ঠনে গ্ৰাস কৰিব ধৰিছে, তেনে সময়তে মৰিগাঁও জিলাৰ ভূৰবন্ধা গাঁৱৰ এহাল বৃদ্ধ দম্পতীয়ে দাঙি ধৰিছে মানৱতাৰ উজ্জল নিদৰ্শন। সমাজৰ উন্নতিৰ হকে দীৰ্ঘদিন ধৰি অমৃত সিং বৰা আৰু তেওঁৰ সহধৰ্মিণী গীতা বৰাই কাম কৰি আহিছে। তেখেতসকলে বৃদ্ধ বয়সত সম্পত্তি দান কৰি সমাজৰ বাবে মানৱীতাৰ নিদৰ্শন দেখুৱাইছে। জানিবপৰামতে অমৃত সিং বৰাৰ বয়স প্ৰায় ১০২ বছৰ। অলপতে সমাজক সাক্ষী কৰি তেখেতসকলে বাকৰি গাৱৰ নামঘৰৰ সন্মুখত থকা ৬টা কোঠালীযুক্ত পকীঘৰ, ভড়ালঘৰৰ লগতে ৩ কঠা ৫ লেচা মাটি লিখিত ভাৱে সমাজৰ হকে দান কৰে। এই মহান ত্যাগী গুণৰ অধিকাৰী হোৱা বৃদ্ধ দম্পতীক সমাজৰ সচেতন মহলে শলাগ লৈছে।
সহযোগ কৰিলে জোন মেধি আৰু হিৰক জ্যোতি ভট্টাচাৰ্য, এন ই ফ’কাচ ডট কম।
মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে এক দম্পত্তিয়ে
