বাহিৰৰ হিন্দুৱানী বা মুছলমানী উন্মাদনা অসমত সুমুৱাই, অসমলৈ বেছি সংখ্যক হিন্দু বাহিৰৰ পৰা মানিলে অসম পাকিস্তানলৈ যাব বুলি অসমীয়া হিন্দুকেইটাক ভয় দেখুৱাই আৰু বাহিৰৰ পৰা অসমলৈ বেছি সংখ্যক মুছলমান আমদানি নকৰিলে, অসমীয়া মুছলমান কেইটাৰ ওপৰত অসমীয়া হিন্দুৱে উপদ্ৰৱ কৰিব বুলি ফুচুলাই অসমীয়া ভিতৰত বিভেদ, অশান্তি সৃষ্টি কৰি, বাহিৰৰ হিন্দুৱানী আৰু মুছলমানী ষডযন্ত্ৰই অসমীয়াৰ ওপৰত অাধিপত্য কৰাৰ পথ মুকলি কৰিব ।আৰ্থিক, সামাজিক, ভাষিক, সাংস্কৃতিক জীৱন লুণ্ঠন কৰি অসমীয়াৰ দাসত্ব বান্ধি ল’ব।তেনে অৱস্থা অসমীয়াই এজন জী থকালৈকে কেতিয়াও ঘটিব নিদিব।৫০ দশকতেই এই কথাষাৰ অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈ গৈছিল।অসম আৰু অসমীয়া জাতিসত্তাৰ ভৱিষ্যত তেখেতে তেতিয়াই দেখা পাইছিল।যাৰ বাবে ১৯৫০চনতেই সকিয়াই গৈছে।আজি কিছুদিনৰ পৰা অসমত সৃষ্টি হোৱা অৰাজকতা পৰিস্থিতিত এইকথাষাৰ বেচ প্ৰাসংগিক হৈ পৰিছে।প্ৰশ্ন হয় আমি অসমীয়া সকল উত্তাৱল,আবেগিক জাতি নেকি! যাৰ বাবে অসমভূমি বিদেশীৰ চৰণীয়া পথাৰত পৰিণত হোৱাৰ সুযোগ পালে।সহজে মানি লোৱা অথবা গ্ৰহণ কৰা স্বভাৱৰ বাবে গোজেই গজালি মেলি গছত পৰিণত হ’ল।যাৰ বাবে আজি সমূহ জনসাধাৰণ ৰাজপথত ওলাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে! দল সংগঠন, সাহিত্যিক, বুদ্ধিজীৱি, সচেতন ব্যক্তি, শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী,বৃদ্ধ বনিতাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে ৰাজপথত আন্দোলন কৰিছে ।গণতান্ত্ৰিক শাসন ব্যৱস্থাত জনসাধাৰণৰ ৰায়ে সৰ্বাধিক গুৰুত্ব পায়।এখন দেশৰ জনসাধাৰণ জাগি উঠা মানে সেই জাতি কেতিয়াও দুৰ্বল হোৱাতো নুসূচায়।ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত ধৰ্মৰ ভিত্তিত কৰা বিভাজনে সংবিধানকো আঘাত কৰে।ইফালে কেৱল ব্যক্তিগত স্বাৰ্থ, ৰাজনীতি মুনাফা লাভৰ বাবে একাংশই অসমী আইৰ প্ৰতাৰণা কৰিছে বুুুলি সচেতন মহলে মতপোষণ কৰিছে ।বাক্ স্বাধীনতা সকলোৰে জন্মগত অধিকাৰ ।ডক্টৰ ভূপেন হাজৰিকাদেৱেও গানৰ জৰিয়তে কৈ গৈছে আমি অসমীয়া, নহওঁ দুখীয়া বুলি শান্তনা লভিলে নহ’ব।আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব -হয়তো কথাষাৰ সকলোৱে বুজিছে…!আহক আমি এবাৰ দেশৰ বাবে বিবেকেৰে যুুুঁজ দিও।