যোগ দিৱসৰ কিছু বিশেষ তথ্য

আজি আন্তঃ ৰাষ্ট্ৰীয় যোগ দিৱস।বিশ্বৰ ১৭০খনৰো অধিক দেশে এই দিৱস পালন কৰিছে।আমাৰ দেশত ২০১৪চনৰ পৰা যোগ দিৱস উদযাপন হৈছে।এই দিৱসৰ লগত আমাৰ দেশৰ সংস্কৃতি, পৰম্পৰা জৰিত হৈ আছে ।কিয়নো প্ৰাচীন কালৰ পৰা ভাৰতক যোগ চৰ্চাৰ অভিকেন্দ্ৰ হিচাপে জনা যায় ।যোগে শাৰিৰীক, মানসিক, আধ্যাত্মিক সন্তুলন বজায় ৰাখে।যোগ অভ্যাসৰ দ্বাৰা মানুহ মানসিকভাৱে সুস্থ হৈ থাকে।২২জুনৰ দিনৰ দিনা যোগ দিৱস উদযাপন কৰাৰ তাৎপৰ্য আছে।কাৰণ ২১জুনৰ দিনৰ দিনা উত্তৰ গোলাৰ্ধত দিন দীঘল হয়।ভাৰতীয় সংস্কৃতিৰ দৃষ্টিকোণৰ পৰাও এই গ্ৰীষ্ম সংক্ৰান্তিৰ পিছত যোগ অভ্যাস কৰিলে আধ্যাত্মিকভাৱে সিদ্ধি লাভ কৰে।এইবাৰ যোগ দিৱসৰ থিম হ’ল যোগা ফৰ হাৰ্ট।হাৰ্ট অৰ্থাৎ হৃদয় ৰোগৰ সুৰক্ষাৰ বাবে যোগৰ প্ৰচাৰ চলোৱা হ’ব বুলি জানিব পৰা গৈছে ।

Comments (0)
Add Comment