শিক্ষক দিৱসৰ কিছু প্ৰাসংগিক তথ্যৰে

শিক্ষা আৰু শিক্ষা গুৰুৰ অবিহনে এজন ব্যক্তিয়ে সঠিক পথত পদাৰ্পণ কৰিব নোৱাৰে ।কথাষাৰ ১০০শতাংশই শুদ্ধ ।প্ৰাচীন গ্ৰন্থত শিক্ষক অথবা গুৰুক ঈশ্বৰৰ লগত তুলনা কৰিছে।কিয়নো শিক্ষকেই আমাৰ জ্ঞানৰ পথ প্ৰদৰ্শক ।ডক্টৰ সৰ্ব পল্লী ৰাধাকৃষ্ঞণ দাৰ্শনিকৰ লগতে এগৰাকী শিক্ষক আছিল।তেখেতে শিক্ষক সকলক যথেষ্ট শ্ৰদ্ধা কৰিছিল ।ৰাধাকৃষ্ঞণনৰ দৰ্শন আছিল এনেধৰণৰ শিক্ষক সেইজন নহয়, যিজনে কেৱল শিকায়, প্ৰকৃত শিক্ষক সেইজনহে যিয়ে বাস্তৱিক জ্ঞান, তথ্যৰে সমৃদ্ধ কৰি অনাগত দিনৰ প্ৰত্যাহ্বানৰ বাবে সাজু কৰি তোলে।বিশ্বৰ বিভিন্ন দেশত বিভিন্ন দিনত শিক্ষক দিৱস উদযাপিত হয়।উদাহৰণ স্বৰূপে আমেৰিকাত ৬মে’ত, মালেছিয়াত ১৬মে’ত শিক্ষক, তুৰ্কী ২৪ নৱেম্বৰত শিক্ষক দিৱস উদযাপন হয়।কিন্তু এই কথা স্বীকাৰ কৰিব লাগিব যে শিক্ষকেহে সমাজ এখনক সুস্থভাৱে গঢ়াত সাৰপানী যোগায়।প্ৰতিজন শিক্ষাগুৰুলৈ এন ই ফ’কাচ ডট কমৰ ফালৰ পৰা শিক্ষক দিৱসৰ শুভেচ্ছা জনালো ।

Comments (0)
Add Comment