হোমাহুতি উৎসৱৰ সামৰণি পৰিল

গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ জালুকবাৰীৰ ঐতিহাসিক খানামুখ ৰাজহুৱা নামঘৰত বিগত বছৰৰ দৰে এইবেলিও পবিত্ৰ মাঘী পূৰ্ণিমা তিথিৰ লগত সংগতি ৰাখি ১৯ ফেব্ৰুৱাৰীত শ্ৰীশ্ৰীবিষ্ঞুদেৱৰ বাৰ্ষিক হোমাহুতি উৎসৱ অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা ৯ বজাত যাবতীয় ৰীতি-নীতি আৰু পৰম্পৰাগতভাৱে জল আহৰণ আৰু ঘট স্থাপনৰে মোমাহুতি উৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছত ১১ বজাৰ পৰা বিয়লী ১ বজালৈ ভাগৱত লৈ অঞ্চলটোত এক বিশাল সাংস্কৃতিক আৰু ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাত অঞ্চলটোৰ শিশুসকলে বিভিন্ন দেৱ-দেৱীৰ বেশভুষা পৰিধান কৰি সকলোকে আপ্লুত কৰে। বিয়লী ১.৩০ বজাৰ পৰা হোমাহুতি আৰু পুস্পাঞ্জলী অৰ্পন, ২ বজাত প্ৰসাদ আৰু ভোগ বিতৰণ কৰা হয়। সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলনৰে বাৰ্ষিক হোমাহুতিৰ সামৰণি পৰে।

Comments (0)
Add Comment