ৰাইজে বিচৰা ধৰণেই জনসাধাৰণ জয়ী হ’ল

অৱশেষত প্ৰতিবাদী কণ্ঠ জয়ী হ’ল।সমগ্ৰ জনসাধাৰণৰ প্ৰতিবাদে সাৰ্থকতা লাভ কৰিলে।ৰাজ্যসভাত গৃহীত নহ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক ।বিধেয়কখন ৰাজ্যসভাত গৃহীত নোহোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ বিভিন্ন স্থানত দল, সংগঠনে উল্লাস প্ৰকাশ কৰিছে বুলি জানিব পৰা গৈছে ।ৰাজ্যসভাত কেব গৃহীত নোহোৱাৰ পিছত আছুৰ সমুজ্জ্বল ভট্টাচাৰ্যই মন্তব্য কৰে যে সমূহ জনসাধাৰণৰ সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।আগন্তুক দিনটো সকলোকে সজাগ থাকিবলৈ আহ্বান জনায়।আনহাতে আন্দোলনৰ লগত ওতঃপ্ৰোতভাৱে জৰিত থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অখিল গগৈয়ে কয় যে বিধেয়কখন গৃহীত নোহোৱাৰ বাবে আনন্দিত হৈছো আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো।উল্লেখযোগ্য যে বিভিন্ন দল সংগঠনৰ লগতে শিল্পী সমাজ, বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বিধেয়কক বিৰোধিতা কৰিছিল।

Comments (0)
Add Comment