অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাক্তন কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাক্তন কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাক্তন কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১৫০০ৰো অধিক কাৰ্য-কৰ্তাৰ উপস্থিতিত আয়োজিত এই সন্মিলনত মন্ত্ৰীগৰাকীয়ে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এজন প্ৰাক্তন কাৰ্য-কৰ্তা হিচাপে পৰিষদৰ পৰা লাভ কৰা সাংগঠনিক জ্ঞান,নিয়মানুবৰ্তিতা আদি অভিজ্ঞতা সামৰি এক নাতিদীৰ্ঘ বক্তব্য প্ৰদান কৰে।এই কাৰ্যসূচীত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অখিল ভাৰতীয় প্ৰচাৰ প্ৰমূখ সুনীল আম্বেকাৰ,অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক আশিস চৌহান আৰু যুটীয়া ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক গোবিন্দ নায়ক উপস্থিত আছিল।

Comments (0)
Add Comment