ৰঙিয়াৰ ঐতিহ্য মণ্ডিত কৃষক শ্বহীদ ভৱনত অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন ৰঙিয়া শাখাৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে নেত্ৰদান সজাগতা আৰু বিনামুলীয়া চকু চিকিৎসা শিৱিৰৰ আয়োজন হয়। সমিতিৰ সদস্য সকলে অনুষ্ঠানটোৰ গায়ত্ৰী মন্ত্ৰৰে শুভাৰম্ভণি কৰি শংকৰদেৱ চিকিৎসালয়ৰ উপস্থিত চিকিৎসক সকলক সম্বৰ্ধনা জনায়। এই শিৱিৰত গুৱাহাটী শংকৰদেৱ নেত্ৰালয়ৰ পাঁচগৰাকীকৈ চিকিৎসকে ৰোগীসকলক চিকিৎসা প্ৰদান কৰে। সমিতিৰ সদস্য কিৰণ সিংঘল, অৰুণা তোদী, ৰেখা শৰ্মা, নিতু ভগৎ, সুমন তোডী, বৰুনা আগৰৱালাৰ নেতৃত্বত আয়োজিত হোৱা এই দুদিনীয়া কাৰ্যসূচীত সমিতিৰ অধ্যক্ষ গুডি সিংহানিয়া, সম্পাদিকা শিখা নাথানি, কোষাধ্যক্ষ প্ৰাচী চিকাৰীয়া লগতে অন্য সদস্যা সকল উপস্থিত থাকে । এই কাৰ্য্যসূচীটোত বৃহত্তৰ ৰঙিয়া অঞ্চলৰ প্ৰায় এশগৰাকী নেত্ৰ ৰোগীক সম্পুৰ্ণ বিনামুলীয়াকৈ চিকিৎসা প্ৰদান কৰা হয় ।
বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই..
অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন ৰঙিয়া শাখাৰ উদ্যোগত বিনামুলীয়া চকু চিকিৎসা শিৱিৰ আয়োজন
