অখিল ভাৰতীয় সাহিত্য পৰিষদৰ দ্বি-মাষিক বৈঠক সম্পন্ন

অখিল ভাৰতীয় সাহিত্য পৰিষদ নগাঁও জিলা শাখাৰ দ্বি-মাষিক সাহিত্য বৈঠক খনি দেওবাৰে সম্পন্ন হয়। নগাঁৱৰ লক্ষীনগৰস্থিত হোমিঅ পেথিক মহাবিদ্যালয় প্ৰেক্ষাগৃহত দিনৰ ২.০০ বজাত অনুষ্ঠিত হয়। বৈঠকখনিত সভাপতিত্ব কৰে নগাঁও জিলা শাখাৰ সভাপতি ড° দিলীপ শৰ্মাই। সচিব মুনীন্দ্ৰ শইকীয়াই উদ্দেশ্য ব্যাখ্যা আৰু আঁতধৰা বৈঠক খনত অলপতে হৈ যোৱা জিলা অধিবেশনৰ হিচাপ দাখিল আৰু পৰ্যালোচনা কৰা হয়। বৈঠকত দধি মোহন বৰা, জীৱেশ্বৰ গোস্বামী, ড° বিজয় লক্ষ্মী মহন্ত, কৃপাসিন্ধু অধিকাৰী, অজয় মাহাতু আদৰণি জনোৱা হয়। সাহিত্য পাঠ অনুষ্ঠানত ভাস্বতী বৰা, নিখিল নাৰায়ন বৰুৱা, কবিতা বৰা, পিয়াংসু শৰ্মা, ৰাতুল সদৰ্মা, কল্পনা দেৱী বৰা, ৰশ্মীৰেখা হাজৰিকাই স্ব-ৰচিত অসমীয়া কবিতা, সোনা কুৰ্মীয়ে হিন্দী কবিতা, ডিম্বেশ্বৰ শইকীয়াই এটি চুটি গল্প আৰু মুনীন্দ্ৰ শইকীয়াই এটি ৰাম ভজন পৰিবেশন কৰে। অনুষ্ঠানৰ আৰম্ভণিতে অখিল নাৰায়ন বৰুৱাই গোৱালপৰীয়া লোকগীত, ৰূপলেখা চক্ৰৱতীয়ে আধুনিক গীত পৰিবেশন কৰে। অনুষ্ঠানত মহেন্দ্ৰ হাজৰিকা, অনু কোঁৱৰ সিংহ, অশোক কুমাৰ সিঙ, সুনীল কুমাৰ শৰ্মা, কাবেৰী মহন্ত, দিপালী মহন্ত, নবিন কলিতা, কৃষ্ণা কলিতা, কল্পনা দেৱী অত্রেয়, স্মৃতা কলিতাকে ধৰি বহু সংখ্যক লেখক লেখিকা উপস্থিত থাকে।

বাতৰি যুগুতালে ৰাহুল দেৱ বৰদলৈয়ে।

Comments (0)
Add Comment