অভিনন্দন শিৱ থাপা

অভিনন্দন শিৱ থাপা

11257757_10202809502077910_8953140831950610756_n
 
ভাৰতীয় ক্ৰীড়াৰ ইতিহাসৰ অন্যতম বক্সাৰ গৰাকী হ’ল শিৱ থাপা। তেখেতে ইতিমধ্যে দুখনকৈ অলিম্পিকত ভাৰতৰ্বষক প্ৰতিনিধিত্ব কৰিছিল। সেয়েহে ক্ৰীড়াৰ ক্ষেত্ৰত থকা অৱদান নুই কৰিব নোৱাৰি।
 
12909597_1153305964688203_5765043767963354001_o
মহানগৰীৰ বিৰুবাৰীৰ পদম্ থাপাৰ পুত্ৰ শিৱ থাপাই যোৰহাট জিলাৰ বৰহোলাত অনুস্থিত হোৱা এখন খেলৰ পৰাই স্ব-প্ৰতিভাৰে জিলিকি উঠিবলৈ সক্ষম হৈছিল। অসমৰ বিভিন্ন জিলাৰ লগতে ৰাষ্ট্ৰীয় পৰ্য্যায়ত পুনেত, ছত্তিশগড়, নইডা, জামছেদপুৰ, ঝাৰখণ্ড, তামিলনাদু, মুম্বাইত অনুস্থিত হোৱা বিভিন্ন খেলত জয়ী হ’বলৈ সক্ষম হৈছিল। আনহাতে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাছিয়া, ইৰাণ, ছিংগাপুৰ, লণ্ডন খেলত অংশগ্ৰহণ কৰি বিজয়ী হ’বলৈ সক্ষম হৈছিল। শেহতীয়াকে থাপাই অৰ্জুন বটা লাভ কৰিবলৈ সক্ষম হ’ল। উল্লেখ যে ২৯ আগষ্টত ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে থাপাক এই বটা প্ৰদান কৰে।
 
13989414_10205071037414880_841675957_n (1)
 
     Ne Focus ৰ ফালৰ পৰা হোৱা এক আছুতীয়া সাক্ষাৎকাৰত শিৱ থাপাই কয় যে-মই এই বঁটা লাভ কৰি খুবেই সুখী। সমগ্ৰ অসমবাসীৰ নামত উৎৰ্সগা কৰিব বিচাৰিছো, আৰু বিশেষকৈ মোৰ দেউতা পদম্ থাপাক ধন্যবাদ জনাইছো। দেউতাৰ অশেষ কষ্টৰ বিনিময়ত আজি আপোনালোকৰ আগত নিজকে পৰিচয় দিব পাৰিছো। স্মৰ্তব্য যে, শিৱ থাপা হ’ল একেৰাহে অলিম্পিকত ভাগ লোৱা দ্বিতীয় জন অসমীয়া আৰু অৰ্জুন বটা লাভ কৰা তৃতীয় জন অসমীয়া। এনেধৰণৰ কৃতিত্বৰ বাবে আমি গৌৰবাম্বিত। লগতে Ne Focus ৰ ফালৰ পৰা জনাইছো অফুৰন্ত শুভকামনা। অভিনন্দন শিৱ থাপা..
 
 

এনেধৰণৰ ভাল খবৰৰ বাবে আমাৰ ৱেবচাইটো চাই থাকিব।

 

Comments (0)
Add Comment