অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন

মুম্বাইবাসী অসমীয়া শিল্পী সাহিত্যিক আৰু মহাৰাষ্ট্ৰৰ শিল্পী সাহিত্যিকৰ এখন সমন্বয় সভা ২১ জুনৰ দিনা সন্ধিয়া নবি মুম্বাইত অনুষ্ঠিত হৈ যায় । শ্ৰীময়ী মহিলা মণ্ডলৰ উদ্যোগত অনুষ্ঠিত সভাখনত বিশিষ্ট অতিথি ৰূপে অংশগ্রহণ কৰিছিল সাহিত্য অকাডেমি পুৰস্কাৰ প্ৰাপ্ত, ঔপন্যাসিক, সু সাহিত্যিক ড০ ৰীতা চৌধুৰী আৰু সুবক্তা আৰু সাহিত্যিক ময়ুৰ বৰাই । নিমন্ত্রিত অতিথি ৰূপে উপস্থিত আছিলে মহাৰাষ্ট্ৰৰ প্ৰতিষ্ঠিত সাহিত্যিক সুভাষ কুলকাৰ্ণী আৰু ৰূপালী থোৰতে। সভাৰ লগত সংগতি ৰাখি অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীত মহাৰাষ্ট্ৰৰ শিল্পী সমাজ আৰু অসমীয়া শিল্পী সমাজৰ কেবাগৰাকী শিল্পীয়ে বাৰে ৰহনীয়া নৃত্য , গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে ।উল্লেখ্য যে অসমৰ পৰা অহা মুম্বাইলৈ অহা কৰ্কট ৰোগী সকলক কিছু আৰ্থিক সাহায্য দিয়াৰ লক্ষ্যৰে এই অনুষ্ঠানটোৰ আয়োজন কৰা হৈছিল । সমন্বয় দিৱসৰ ‘লগত সংগতি ৰাখি হিৰণ ভূঞাৰ সম্পাদনাত প্ৰকাশিত ‘দাপোণ ‘নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে ড০ ৰীতা চৌধুৰী, ময়ূৰ বৰা, ‘শ্ৰীময়ী মহিলা মণ্ডল’ৰ সভাপতি চিনু বৰগোহাঞি, সম্পাদক সুমন শৰ্মা আৰু সম্পদনা সমিতিৰ সদস্য সকলে। উল্লেখযোগ্য যে, এই অনুষ্ঠানৰ জৰিয়তে সংগ্ৰহীত ধনখিনী কৰ্কট ৰোগীৰ হিতাৰ্থে ব্যয় কৰা হ’ব ।

Comments (0)
Add Comment