অসমৰ চাদৰ মেখেলা Lakme ৰ Fashion Week ত

অসমৰ  চাদৰ মেখেলা Lakme ৰ Fashion Week ত

সোণালী সূতাৰ দেশ অসমভুমি। অসমীয়া সংস্কৃতি পৰিচায়ক বুলি কলে সততে আমাৰ চাদৰ মেখেলা যোৰৰ প্ৰসংগ মনলৈ আহে। কাৰণ চাদৰ মেখেলা যোৰৰ আছে সুকিয়া ঐতিহ্য।সম্প্ৰতি সময়ত এগৰাকী অসমীয়া ডিজাইনাৰে প্ৰস্তুত কৰা চাদৰ মেখেলা Lakme Fashion Week ত প্ৰৰ্দশিত হ’ব বুলি প্ৰকাশ হোৱা খবৰে সমগ্ৰ অসম তথা অসমপ্ৰেমী ৰাইজলৈ আনন্দৰ বাৰ্ত্তা কঢিয়াই আনিছে।
 
IMG-20160825-WA0002
তেখেত সংযুক্তা দত্ত। ঘৰ গুৱাহাটীৰ বেলতলাত। সৰুৰে পৰা কাপোৰৰ ডিজাইন কৰি, পিন্ধি ভালপোৱা দত্তই চৰকাৰী চাকৰি পৰিত্যাগ কৰি ব্যৱসায়ৰ লগত জৰিত হৈ পৰিছিল । NE FOCUS ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত দত্তই কয় যে …. সৰুতে যেতিয়া ডিজাইন কৰি কাপোৰ পিন্ধিছিলো, মোক সকলোৱে প্ৰশংসা কৰিছিল। যাৰ বাবে পৰৰ্ৱতী সময়ত ডিজাইনিঙৰ নিচিনা পেছাৰ লগত জৰিত হৈ পৰিলো।
 
Sanjukta
উল্লেখযোগ্য যে আগশাৰীৰ ফেশ্বন শ্ব’ Lakme Fashion Week ত অহা ২৮ আগষ্টত তেখেতে ডিজাইন কৰা চাদৰ মেখেলা দেশৰ আগশাৰীৰ মডেল সমুহৰ লগতে মোহময়ী অভিনেত্ৰী বিপাশা বসুৱে পৰিধান কৰিব। দত্তই NE FOCUS ক জনোৱা মতে বহুকেইটা পয্যায় অতিক্ৰমী সেই বিশেষ অনুস্থানলৈ নিৰ্বাচিত হ’ল।সেইহে তেঁও অত্যন্ত সুখী। অসমৰ ঐতিহ্য পৰম্পৰা সমন্ধিত বহুকেইটা ডিজাই, চাদৰ মেখেলা কেইযোৰত তুলি ধৰিবলৈ প্ৰয়াস কৰা হৈছে। স্মৰ্তব্য যে দত্তৰ ১৩ যোৰ চাদৰ মেখেলা বিভিন্ন মডেলে পৰিধান কৰিব।
 
IMG-20160825-WA0003
এই ভাল খবৰে সকলোকে আনন্দিত কৰিছে । আমিও আনন্দিত। সেয়েহে NE FOCUS য়ে জনাইছে বহু অভিনন্দন। অসমৰ গৌৰৱ ধ্বজা অতুট ৰাখক,এয়াই আমাৰ কামনা…।

Comments (1)
Add Comment